গো মাতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত গুজৰাটৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নীতিন পেটেল

By

Published : Aug 13, 2022, 8:54 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

সকলো যেন ঠিকে থাকে যোৱা নাই গুজৰাটত ৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Amrit Mohotsav of freedom) প্ৰথম দিনটোতেই গো-মাতাৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ’বলগীয়া হ’ল গুজৰাটৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা নীতিন পেটেল (Cow attacked former Gujarat deputy CM ) ৷ মেহছানা জিলাৰ কাড়ীনগৰৰ কৰণপুৰ পাচলি বজাৰৰ সমীপত পেটেলে অংশগ্ৰহণ কৰা ত্ৰিৰংগা ৰেলীত (Tiranga rally in Kadi) ভিৰৰ মাজত সোমাই পৰে বাটত চৰি ফুৰা এজনী গাই গৰু ৷ গাইজনীয়ে জ্যেষ্ঠ বিজেপি নেতাগৰাকীক খুন্দা মাৰি বগৰাই দিয়াত স্বাভাৱিকতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় (Nitin Patel was attacked by stray cattle) ৷ কঁকাল, পিঠি আৰু ভৰিত আঘাতপ্ৰাপ্ত প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীক অৱশ্যে লগে লগে স্থানীয় ভাগ্যোদয়া হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথামিক চিকিৎসা প্ৰদান কৰাৰ পিছত নীতিন পেটেলক আহমেদাবাদৰ নিজ বাসভৱনলৈ পঠিয়াই দিয়া হয় ৷

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.