সোণাৰি আৰক্ষীৰ জালত চিলনী চোৰ

By

Published : Aug 8, 2021, 1:28 PM IST

thumbnail

সোণাৰিত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস । শনিবাৰে সোণাৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এটা চিলনী চোৰ । আটকাধীন চোৰটোৰ নাম অশোক ভুঁই । সোণাৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সাৰংগ সিদ্ধ গগৈৰ নেতৃত্বত চলা অভিযানত আটক কৰিবলৈ সক্ষম হৈছে চিলনী চোৰটো । শেহতীয়াকৈ শুকুৰবাৰে এগৰাকী যুৱতীৰ হাতৰপৰা এটিএমসহ এটা ভেনিটি বেগ থপিয়াই নিয়াৰ পাচত যুৱতীগৰাকীয়ে সোণাৰি আৰক্ষীক অৱগত কৰে । ইয়াৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই সোণাৰি আৱৰ্ত ভৱনৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয় চোৰটোক । ইতিমধ্যে আৰক্ষীয়ে ১৫৮/২১ নম্বৰত এটা গোচৰ ৰুজু কৰিছে আটকাধীন চোৰটোৰ বিৰুদ্ধে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.