বহিঃৰাজ্যত সন্ধানহীন অসমৰ এগৰাকী ব্যক্তি

By

Published : Aug 29, 2021, 9:02 PM IST

thumbnail

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ এগৰাকী ব্যক্তি ৷ কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা গোলাঘাটৰ মক্ৰঙৰ এজন ব্যক্তি সন্ধানহীন হৈছে কেৰালাত ৷ সম্প্ৰতি ব্যক্তি গৰাকীক বিচাৰি উদ্বিগ্ন হৈ পৰিছে পৰিয়াল ৷ সন্ধানহীন হোৱা ব্যক্তিজনৰ নাম হৈছে তোৱাৰাম সোণোৱাল ৷ বিগত সপ্তাহৰ শনিবাৰে তিনিজন বন্ধুৰ সৈতে কেৰালালৈ কৰ্ম সংস্থাপন বিচাৰি গৈছিল তোৱাৰাম সোণোৱাল ৷ কিন্তু ৰেলৰ পৰাই সন্ধানহীন হৈ পৰে তোৱাৰাম সোণোৱাল ৷ সতীৰ্থ সকলে এতিয়া বিচাৰি হাবাথুৰি খাইছে তোৱাৰাম সোণোৱালক ৷ সম্প্ৰতি পৰিয়ালৰ লোক আৰক্ষীৰ কাষ চাপিছে যদিও বৰ্তমানলৈকে কোনোধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই সোণোৱালৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.