হোজাই কাণ্ড: তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ

By

Published : Jun 2, 2021, 4:10 PM IST

thumbnail

মঙলবাৰে হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ কেন্দ্ৰত সংঘটিত হয় এক অঘটন ৷ ডাঃ সেউজ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰে ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত থকা ক’ভিড ৰোগী সকলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ তাৰ মাজেত উক্ত ঘটনাৰ বিৰোধিতা কৰি বুধবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । হোজাই জিলাৰ লংকাৰ ক’ভিড কেয়াৰ কেন্দ্ৰৰ ভিতৰত কৰ্মৰত চিকিৎসক নৃশংসভাৱে প্ৰহাৰ কৰাৰ বাবে বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অ’পিদি বিভাগ বন্ধ কৰে । উল্লেখযোগ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ তিনিদিন পূৰ্বে গ্ৰাম্য চিকিৎসা কেন্দ্ৰত দায়িত্ব পালন কৰিছিল আৰু ঘটনাৰ দিনা তেঁওৰ হোজাই সেই চিকিৎসালয় খনত দ্বিতীয় দিন আছিল । সম্প্ৰতি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মৰত ডাক্তৰ আৰু পোষ্ট গ্ৰেজুৱেট সকলে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে । অতি শীঘ্ৰে চিকিৎসক সকলৰ সুৰক্ষা নিশ্চিত কৰিহে গ্ৰাম্য অঞ্চললৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় চিকিৎসক সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.