Bihu preparation in Assam: নাৰেংগীত সামৰণি পৰিল বিহুৰ কৰ্মশালা

By

Published : Apr 3, 2022, 8:57 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ দুৱাৰদলিত এতিয়া হেঁপাহৰ ৰঙালী বিহু । ৰাজ্যৰ সৰ্বত্ৰে এতিয়া কেৱল দেখা গৈছে ব’হাগক আদৰাৰ প্ৰস্তুতি (Bihu preparation in Assam) । অসমৰ চুকে কোনে শুনা গৈছে ঢোল পেঁপাৰ মাত । ৰাজ্যৰ ভিন্ন স্থানত আৰম্ভ হৈছে বিহুৰ কৰ্মশালা । গুৱাহাটীৰ পাথৰকুঁৱৰী ক্ৰীড়া সন্থাৰ খেলপথাৰোটো চলিছে বিহুৰ কৰ্মশালা । সৰস্বতী ডান্স একাডেমী আৰু মণিকাঞ্চল চ’চাইটি আৰু নৱদ্বীপ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত ২৪ মাৰ্চৰ পৰা আয়োজন হোৱা কৰ্মশালাৰ সামৰণি পৰে দেওবাৰে (Bihu dance workshop at Narengi) । বিহু নাচ, ঢোল বাদন আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষণ দিয়া এই বিহুৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বহু গণ্য মান্য ব্যক্তিৰ লগতে বহু স্থানীয় লোক । মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা উক্ত কৰ্মশালাত বিহু নাচৰ প্ৰশিক্ষক ড্ৰিমলী গগৈ, জ্বলি বৰা, ঢোলৰ প্ৰশিক্ষক ৰূপম কলিতা আৰু আধুনিক নৃত্যৰ প্ৰশিক্ষক হিচাপে অজয় মালাকাৰ, জিন্টু বৰপূজাৰী উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.