মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজনীতিত এক অশুভ সংস্কৃতি সংমিশ্ৰণ কৰিব খুজিছে: ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 12:47 PM IST

thumbnail

গহপুৰ,২১ জানুৱাৰী: গহপুৰত প্ৰৱেশ কৰিলে ভাৰত জোড়ো ন্যায় যাত্ৰাই । কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ নেতৃত্বত গহপুৰত প্ৰৱেশ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক উষ্ম আদৰণি জনায় গহপুৰৰ কংগ্ৰেছ কৰ্মীসকলে । গহপুৰত কনকলতাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰি বিশ্বনাথত ৰ'ড শ্ব'ত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধী গহপুৰত প্ৰৱেশ কৰাৰ প্ৰাকঃমূহুৰ্তত ভূপেন বৰাই সাংবাদিকৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।  

বিগত চাৰিদিনত ৰাইজে হিলদ'ল ভাঙি ভাৰত জোড়ো যাত্ৰাত অসমৰ ৰাইজে অংশগ্ৰহণ কৰিছে বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । বেনাৰ-প'ষ্টাৰ ফলাৰ প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ কৰ্মীয়ে বেনাৰ প'ষ্টাৰৰ ৰখীয়া হৈ থাকিবলগীয়া হৈছে । লগতে তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অশুভ সংস্কৃতি অসমৰ ৰাজনীতিত সংমিশ্ৰণ কৰিব খুজিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় । যিখন পতাকা লৈ কনকলতা, মুকুন্দ কাকতিয়ে শ্বহীদ বৰণ কৰিছিল সেইখন কংগ্ৰেছৰ পতাকা আছিল বুলি উল্লেখ কৰি এই ভাৰত জোড়ো ন্যায় যাত্ৰাত সকলোৰে সহযোগিতা কামনা কৰে ভূপেন বৰাই ।

লগতে পঢ়ক: নিৰাপত্তাৰ খাতিৰত ৰাহুল গান্ধীৰ যাত্রাৰ সময়ত লখিমপুৰত ড্ৰোণৰ উৰণ নিষিদ্ধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.