৮৪ বছৰত ভৰি দিলে সাহিত্যিক ড৹ নগেন শইকীয়াই

By

Published : Feb 11, 2022, 9:54 PM IST

Updated : Feb 3, 2023, 8:11 PM IST

thumbnail

অসমীয়া ভাষা সাহিত্য জগতৰ প্ৰথিতযশা সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড৹ নগেন শইকীয়াৰ আজি ৮৪ সংখ্যক ওপজা দিন (Birthday of Renowned writer Dr Nagen Saikia)। ওপজা দিন উপলক্ষে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ ডিব্ৰুগড় চহৰৰ জীৱনফুকন নগৰস্থিত বাসগৃহ 'বৰ্ণমালা'ত অজস্ৰ অনুৰাগীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ বাসগৃহত উপস্থিত হৈ অসম চৰকাৰৰ প্ৰাক্তন বনমন্ত্ৰী এতুৱা মুণ্ডায়ো বিশিষ্ট সাহিত্যিকগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সম্পৰ্কত আলোকপাত কৰে । ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈয়েও শুভেচ্ছা জ্ঞাপন কৰে প্ৰথিতযশা সাহিত্যিকগৰাকীক । অসম আৰু অসমীয়াক গুৰুত্ব প্ৰদান কৰি ৰাজ্যত বসবাস কৰা সকলো শ্ৰেণীৰ লোকক ৰাজ্যখন আগুৱাই লৈ যাবলৈ সাহিত্যিকগৰাকীয়ে ৰাইজলৈ আহ্বান জনায় । নতুন বৰ্ষত সাহিত্যিকগৰাকীয়ে ভাগৱত, গীতা সাৰগৰ্ভ সম্পৰ্কত এক নতুন সাহিত্য ৰচনাৰ প্ৰস্তুত কৰাৰ বাবে পৰিকল্পনা কৰিছে বুলিও বিশিষ্ট সাহিত্যিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:11 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.