মহানগৰীত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট ডেভেলপমেন্ট প্ৰকল্প মুকলি দেশৰ গৃহমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 9:43 PM IST

thumbnail

গুৱাহাটী, 20 জানুৱাৰী :  গুৱাহাটীৰ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট ডেভেলপমেন্ট প্ৰকল্প মুকলি কৰিলে  অমিত শ্বাহে ৷ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত ব্যস্ত হৈ তিনিটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷ দিনটোৰ শেষৰ কাৰ্যসূচী হিচাবে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ কাছাৰীঘাটৰ 36 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট ডেভেলপমেন্ট প্ৰকল্প মুকলি কৰে অমিত শ্বাহে ৷

মহানগৰীৰ কাছাৰীৰ পুৰণা উপায়ুক্তৰ আৱাস গৃহৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত আছিল আৰক্ষীৰ আৱাস গৃহ ৷ ইয়াতেই আছিল এটা অতি পুৰণি পুখুৰী ৷ আৰক্ষীৰ আৱাস গৃহ সমূহ ভাঙি নতুনকৈ ইয়াতে এখন সৌন্দৰ্য বৰ্ধক উদ্যান (ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰন্ট ডেভেলপমেন্ট প্ৰকল্প) নিৰ্মাণ কৰা হয় ৷ এই উদ্যানখনকে আজি উদ্বোধন কৰি ৰাইজৰ বাবে উৎসৰ্গা কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷ এই উদ্যানখনত আছে অত্যাধুনিক প্ৰায় সকলো সা-সুবিধা ৷ প্ৰাতঃভ্ৰমণৰ বাবেও আছে সু-ব্যৱস্থা ৷ ইয়াৰ পৰাই উপভোগ কৰিব পাৰিব মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য ৷ 

লগতে পঢ়ক : তিনি বছৰত দেশ নক্সালবাদৰ পৰা মুক্ত হ’ব : অমিত শ্বাহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.