দুলীয়াজান অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মূখত আছুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Mar 7, 2022, 5:28 PM IST

Updated : Feb 3, 2023, 8:18 PM IST

thumbnail

বাঘজান কাণ্ড(Baghjan fire Assam)ৰ মূল খলনায়ক স্বৰূপ জন এনাৰ্জীক প্ৰদান কৰা নিবিদা বাতিলৰ দাবীত দুলীয়াজানত অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ডিব্ৰুগড় আৰু তিনিচুকীয়া আছুৰ তীব্ৰ প্ৰতিবাদ(AASU protest in front of oil Duliajan) ৷ সোমবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সংগঠনটোৰ কৰ্মকৰ্তাসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । লগতে অইল ইণ্ডিয়াই এই নিবিদা অতি শীঘ্ৰেই বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে ইয়াতকৈও অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ৷

Last Updated : Feb 3, 2023, 8:18 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.