Fire in Guwahati: ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড, এগৰাকী মহিলাৰ মৃত্যু

By

Published : Jul 16, 2022, 4:10 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গুৱাহাটী মহানগৰীৰ ভঙাগড় উদয়াচল পথত আজি দিনৰ ভাগত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় (Massive fire in Guwahati)। ৫ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত(Gas Cylinder blast in Guwahati) সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাত চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে অগ্নিদগ্ধ হয় এগৰাকী মহিলা । পিছত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা মহিলাগৰাকীৰ মৃত্যু হয় (Dead in Guwahati fire) । পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডৰ ফলত টিভি, আলমিৰা আদিৰ লগতে কেইবালাখ টকাৰ বহু মূল্যৱান সা-সম্পত্তি ভস্মীভূত হয় । স্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.