Tourists celebrate New Year: তুষাৰ শুভ্ৰ কাশ্মীৰত নৱবৰ্ষ উদযাপন কৰি উৎফুল্লিত পৰ্যটক

By

Published : Jan 1, 2023, 12:40 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

পুৰণি বৰ্ষক বিদায় দি এয়া নতুন বছৰক আদৰাৰ দিন ৷ আজি নৱবৰ্ষৰ পহিলা দিন (New Year celebration)৷ ইফালে শীতকাল সোমোৱাৰ পিছতেই শুভ্ৰ তুষাৰেৰে মনোমোহা হৈ পৰিছে ভূ-স্বৰ্গ কাশ্মীৰ উপত্যকা ৷ কাশ্মীৰৰ মনোৰম সৌন্দৰ্যই হাত বাউল দি মাতিছে পৰ্যটকক ৷ অৱশ্যে কাশ্মীৰ বুলি ক’লেই সকলোৰে মন যায় খোজ এটা হ’লেও থবলৈ (Tourist spots in the Kashmir Valley)৷ বিগত মাহ ধৰি জম্মু-কাশ্মীৰৰ পৰ্যটনস্থলী সোণামাৰ্গত পৰ্যটকে ভিৰ কৰিছেহি (Tourist destination of Jammu and Kashmir)৷ নতুন বছৰৰ আগমনৰ লগে লগেই কাশ্মীৰৰ বিভিন্ন পৰ্যটনস্থলীসমূহত নৱবৰ্ষৰ উপলক্ষে উদযাপন কৰা হৈছিল (Tourists celebrate New Year)৷ সোণামাৰ্গৰ পৰ্যটন স্থলীটো পৰ্যটকসকলে উৎসাহেৰে নৱবৰ্ষ উদযাপন কৰা পৰিলক্ষিত হৈছে ৷ দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ আৰু দেশৰ অন্যান্য ৰাজ্যৰ পৰা বহু সংখ্যক পৰ্যটক নতুন বছৰ উদযাপন কৰিবলৈ সোণামাৰ্গত উপস্থিত হৈছিল ৷ ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত পৰ্যটকসকলে কয়, ‘‘সোণামাৰ্গৰ পৰ্যটনস্থলীত নতুন বছৰ উদযাপন কৰাটো আমাৰ বাবে সপোন দৰে আছিল ৷ আমি আমাৰ নতুন বছৰটো স্মৰণীয় কৰিব বিচাৰিছিলো, আমি সঁচাকৈয়ে ভাগ্যৱান’’ ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.