MOU for Waste Disposal and Rehabilitation: তিনিচুকীয়া জিলা প্ৰশাসন আৰু-অইল ইণ্ডিয়াৰ মাজত বুজাবুজিৰ চুক্তি

By

Published : Jan 25, 2023, 9:06 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

সদাব্যস্ত তিনিচুকীয়া-দুলীয়াজান পথৰ এটা দীৰ্ঘদিনীয়া বৃহৎ সমস্যা টিংৰাইস্থিত পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডৰ গেলা গোন্ধ ৷ উক্ত পথচোৱাৰে যাতায়ত কৰা প্ৰতিগৰাকী পথচাৰীয়ে প্ৰায় আধা কিল’মিটাৰৰ দূৰত্ব নাক কোঁচাই যাব লগা হয় ৷ উক্ত সমস্যা সমাধানৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন আঁচনি গ্ৰহণ কৰি অহা হৈছে যদিও কেৰোণ লাগিছে কোনোবাখিনিত ৷ শেহতীয়াকৈ এই সমস্যা স্থায়ীভাৱে সমাধানৰ কাৰণে আগবাঢ়ি আহিছে অইল ইণ্ডিয়া লিমিটেড ৷

তিনিচুকীয়া পৌৰসভাৰ অধীনৰ টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন আৰু পুনঃসংস্থাপনৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ মাজত আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখনি বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (MOU between Tinsukia DC and Oil India Limited)। তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ(Tinsukia DC Narsing Pawar) আৰু অইল ইণ্ডিয়া গ্ৰাম্য উন্নয়ন ছ’চাইটিৰ সভাপতি ভৈৰৱ ভূঞাই এই বুজাবুজি চুক্তিত স্বাক্ষৰিত কৰে ।

ডাম্পিং গ্ৰাউণ্ডৰ লিগেচি আৱৰ্জনাৰ নিষ্কাশন ও পুনঃসংস্থাপনৰ ৩ কোটি ১৭ লাখ ৪২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ পুঁজিৰ দ্বাৰা সম্পাদন হ’ব । এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মনজিৎ দলকে প্ৰমুখ্যে কৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷

আনহাতে অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ হৈ মুখ্য কাৰ্যবাহী বিষয়া(আৱাসিক) প্ৰশান্ত বৰকাকতী, মুখ্য মহাপ্ৰৱন্ধক এইচ আৰ ফ্লিড এডমিন অৰুণজ্যোতি বৰুৱা, মহাপ্ৰৱন্ধক পাব্লিক এফেয়াৰ্ছ দেৱাশীষ বৰাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে । উক্ত প্ৰকল্পটোৰ দ্বাৰা তিনিচুকীয়া পৌৰসভাৰ লিগেচী আৱৰ্জনাবোৰ জৈৱ-খনন প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাশন আৰু পুনৰ্বাসন কৰা হ'ব বুলি জানিব পৰা হৈছে(Waste Disposal and Rehabilitation) । 

এই প্ৰকল্পটো সমগ্ৰ অঞ্চলটোৰ পাৰিপাৰ্শ্বিক, নান্দনিক আৰু সামাজিক মাপকাঠিৰ উন্নয়নত যথেষ্ট কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰিত কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰে টিংৰাইস্থিত ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনাৰ ফলত সৃষ্টি হোৱা এক দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ বাবে সহযাগিতা আগবঢ়োৱা অইল ইণ্ডিয়া লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে । অনাগত দিনত এই ডাম্পিং গ্ৰাউণ্ডত এখনি পাৰ্ক নিৰ্মাণ কৰা হ‘ব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.