Pakistani Hindu devotees reach Puri: পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কাৰাচীৰ হিন্দু ভক্তৰ

By

Published : Jan 22, 2023, 10:23 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ওডিশাৰ পুৰীৰ তীৰ্থ চহৰত শনিবাৰে উপস্থিত হয় কাৰাচীৰ হিন্দু ভক্তৰ এটা দল ৷ পুৰীৰ জগন্নাথ মন্দিৰ(Puri Jagannath Temple) দৰ্শন কৰাৰ বাবে ভাৰতত উপস্থিত হয় পাকিস্তানৰ হিন্দু ভক্তৰ দলটো(Pakistani Hindu devotees reach Puri in Odisha) ৷ পুৰুষ, মহিলা আৰু শিশুসহ প্ৰায় ৪৫ জনীয়া দলটোৱে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় সকলো উপাসনাস্থলী দৰ্শন কৰাৰ উদ্দেশ্যৰে ভাৰতত উপস্থিত হয়(Hindu devotees from Pakistan) ।

তেওঁলোকে শনিবাৰে নিশা পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰে(Offer prayers to Lord Jagannath) ৷ জগন্নাথ মন্দিৰ দৰ্শনৰ পূৰ্বে তেওঁলোকৰ পাছপোৰ্ট পৰীক্ষা কৰা হৈছিল । পাকিস্তানৰ হিন্দু ভক্তৰ দলটোক ভাৰতত উপস্থিত হৈ অতিকৈ উল্লাসিত হৈ পৰা দেখা গৈছিল ৷ তেওঁলোকে ১১ জানুৱাৰীত কাৰাচীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু তীৰ্থযাত্ৰীৰ চহৰ পুৰী পোৱাৰ আগতে ভাৰতৰ কেইবাখনো গুৰুত্বপূৰ্ণ তীৰ্থস্থান পৰিদৰ্শন কৰিছিল ।

পাকিস্তানৰ তীৰ্থযাত্ৰীৰ দলটোৱে কাৰাচীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিচদিনা লাহোৰৰ গুৰুদ্বাৰা দৰ্শন কৰিছিল ৷ ১৩ জানুৱাৰীত তেওঁলোকে পঞ্জাৱৰ অমৃতসৰৰ ৰাম তীৰ্থ মন্দিৰ(Ram Tirath temple) আৰু দুৰ্জিয়ানা মন্দিৰ(Durgiana Mandir in Amritsar of Punjab) দৰ্শন কৰিছিল । তেওঁলোকে ১৪ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে হৰিদ্বাৰত পবিত্ৰ জলস্তৰত স্নান কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ পাছত তেওঁলোকে জম্মু ভ্ৰমণ কৰিছিল । তেওঁলোকৰ এই সমগ্ৰ যাত্ৰা ওডিশা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ(Odisha International Centre) পৃষ্ঠপোষকতাত কৰা হৈছিল বুলি ভক্তৰ দলটোৱে জানিবলৈ দিয়ে ৷ 

পাকিস্তানৰ হিন্দু ভক্তৰ দলটোৱে তেওঁলোকৰ দেশত বিগত ১৪ বছৰ ধৰি প্ৰতি বছৰে ৰথযাত্ৰা আয়োজন কৰি অহাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁলোকে সুদীৰ্ঘ ১৪ বছৰ অপেক্ষা কৰাৰ পাছত ভাৰত ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ কাৰাচীৰ এজন ভক্তই ভগৱান জগন্নাথক দেখি তেওঁলোকৰ চকু সেমেকি যোৱাৰ কথা জানিবলৈ দিয়ে ৷ পাকিস্তানৰ হিন্দু ভক্তৰ দলটোৱে তেওঁলোকক এই সুযোগ দিয়াৰ বাবে ভাৰত চৰকাৰ আৰু পাকিস্তান চৰকাৰক কৃতজ্ঞতা জনায় ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.