Bokakhat Youth dead at Kaliabor: একে গাঁৱৰ 5 বন্ধুৱে একেলগে হেৰুৱালে প্ৰাণ: বোকাখাতত অবৰ্ণনীয় পৰিৱেশ

By

Published : Nov 22, 2022, 12:04 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

বিবাহযাত্ৰী হিচাবে গৈ পথ দুৰ্ঘটনাত মৃত্যুক সাৱটিলে বোকাখাতৰ ৫ যুৱকে ৷ নগাঁও জিলাৰ কলিয়াবৰৰ হাতীয়েখোৱাত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Kaliabor Nagaon)। মালবাহী ট্ৰাক আৰু হুণ্ডাই আউৰা বাহনৰ মুখামুখী সংঘৰ্ষৰ ফলত ৫ জন যুৱক থিতাতে নিহত হয় (Bokakhat Youth dead at Kaliabor)। নিহত ৫ জন যুৱকৰ ঘৰ বোকাখাতত ৷ বোকাখাতৰ কলাখোৱা গাঁৱৰ পৰা বৰযাত্ৰী হিচাবে এ এছ ০৫ কিউ ২৬৮৩ নম্বৰৰ হুণ্ডাই আউৰাখনত কলাখোৱা গাঁৱৰ সন্দীপ কুমাৰ পাল, সঞ্জয় দাস, সমীৰ পাল আৰু ম'হমাইকী গাঁৱৰ বিবেক দাস আৰু বিকাশ শৰ্মা তেজপুৰ ঠেলামৰালৈ বুলি আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা গৈ থকা ইউ পি ৩৭ এ টি ২৭৬৫ নম্বৰৰ মালবাহী ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়(Truck car collision at Kaliabor)৷ ফলত হুণ্ডাই আউৰা বাখনখনত থকা ৫ জন যুৱকৰে থিতাতে মৃত্যু ঘটে ৷ লাহে লাহে এই খবৰ বিয়পি পৰাৰ পিছত নিশাই নিহত যুৱককেইজনৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ মৃত ৫ জন যুৱকৰ ৪ জন অবিবাহিত আছিল যদিও সন্দীপ কুমাৰ পাল বিবাহিত আছিল ৷ ইয়াৰোপৰি সন্দীপৰ আছে ৩ বছৰীয়া এটি সন্তানৰ লগতে সন্তান সম্ভৱা পত্নী ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.