Jonbeel Mela 2023: ৰমাকান্ত দেউৰীৰ গীতৰ তালে তালে মুখ্যমন্ত্ৰীৰ হাত চাপৰি

By

Published : Jan 20, 2023, 8:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ(MLA Ramakanta Deuri) গীতেৰে মুখৰ হ’ল জোনবিলৰ পাৰ ৷ সেই গীতৰ তালে-তালে হাত চাপৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ মঞ্চত গীত পৰিৱেশন কৰি কিছুদিন পূৰ্বে ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ৷ ‘নোকোৱা কিয় খুলি পেটৰে বেদনাত...’ গীতৰ পিছত বিধায়কগৰাকীয়ে গালে ‘অ’ ডাঙৰীয়া ধান এদোণ ধাৰলৈ দিবা নে দূপৰীয়া ?’ পুনৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সহস্ৰাধিক ৰাইজৰ আগত আজি সেই গীতকে পৰিৱেশন কৰিলে ৰমাকান্ত দেউৰীয়ে(Ramakanta Deuri song) ৷  

উল্লেখ্য যে, জোনবিল মেলা(Jonbeel Mela 2023) উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত আজি উপস্থিত আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) ৷ সেই সভাতেই মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাইজৰ অনুৰোধত পুনৰ গীত জুৰিলে বিধায়কগৰাকীয়ে আৰু সেই গীতৰ তালে-তালে হাত চাপৰি বজালে মুখ্যমন্ত্ৰীয়ে ৷ 

‘অ’ ডাঙৰীয়া ধান এদোণ ধাৰলৈ দিবা নে দূপৰীয়া’ গীতটি পৰিৱেশন কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে ক’লে,‘‘ইয়াত ডাঙৰীয়া বুলি মুখ্যমন্ত্ৰীক কোৱা হৈছে ৷ ইয়াৰ অৰ্থ হ’ল, আমাৰ যিমান অভাৱ আছে সেয়া মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব লাগিব ৷’’

গীত গোৱাৰ পূৰ্বে বিধায়কগৰাকীয়ে কলে,‘‘ মই গান গাব নোৱাৰোঁ ৷ মৰিগাঁও জিলা অভিৱৰ্তনত আনন্দতে গান গাইছিলোঁ ৷ কিন্তু দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে মৰিগাঁও মেডিকেল কলেজৰ আধাৰশিলা স্থাপন অনুষ্ঠানত গীত গাইছিলোঁ ৷’’ 

বিধায়ক দেউৰীয়ে পুনৰ গান গাব বিচৰা নাছিল যদিও, ৰাইজৰ অনুৰোধত গাবলৈ বাধ্য হ’ল তেখেতৰ সেই বহুল চৰ্চিত গীতটি ৷ ইফালে, অনুষ্ঠানত ভাষণ প্ৰসংগত ৰমাকান্ত দেউৰীৰ মুখত শুনিবলৈ পোৱা গ’ল পানীয়ৰ প্ৰসংগ ৷ ৰাইজক বিধায়কগৰাকীয়ে ক’লে ‘‘ মোৰ পানীয় খাবলৈ মন আছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে মোৰ মাতটো বেয়া হৈ থকাৰ বাবে খোৱাত বাধা দিলে ৷’’ জোনবিল মেলাৰ পানীয় পিচত গ্ৰহণ কৰিম বুলিও কলে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 

মুঠৰ ওপৰত, অনুষ্ঠানত ৰাইজক গীত পৰিৱেশন কৰি আৰু খুুহুতীয়া প্ৰসংগৰে ভাষণ প্ৰদান কৰি যথেষ্ট আমোদ দিলে বিধায়কগৰাকীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.