স্বাক্ষৰিত হ'ল আদিবাসী শান্তি চুক্তি: মাজবাটত ফটকা ফুটাই মিঠাই বিতৰণ কৰি আনন্দ-উল্লাস

By

Published : Sep 15, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নতুন দিল্লীত স্বাক্ষৰিত হ’ল ৰাজ্যৰ পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি (Peach accord with Adivasi militants)৷ আদিবাসীৰ উন্নয়নৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লোৱা পাঁচটাকৈ উগ্ৰপন্থী সংগঠনে স্বাক্ষৰ কৰিলে এই শান্তি চুক্তিত । ২০১২ চনত অস্ত্ৰ সম্বৰণ কৰি শান্তি আলোচনা লৈ আহিছিল সংগঠন কেইটাই । ২০১৩ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে প্ৰথমখন শান্তি আলোচনাত মিলিত হৈছিল পাঁচটাকৈ উগ্ৰপন্থী সংগঠনে । ইয়াৰ পাছতে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ(Home minister Amit Shah) উপস্থিতিত ‌ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰে পাঁচটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনে(Adivasi Extremist peach accord) । শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে ওদালগুৰিৰ মাজবাটত আনন্দ উল্লাস পৰিলক্ষিত হয় ৷ মাজবাট চহৰৰ মাজ মজিয়াত আদিবাসী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলৰ লগতে আছাৰ কৰ্মীসকলে আতচবাজী ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় (Peach accord celebration in Udalguri)। আদিবাসী উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মিঠাই খুৱাই আনন্দ কৰা দেখা যায় ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.