Emergency aircraft landing project: মৰাণত ৰাজ্যৰ প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

By

Published : Jan 20, 2023, 10:13 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্প বাস্তৱ হোৱাৰ দিশে গতি কৰিছে মৰাণত (Emergency aircraft landing project in Assam) । কিয়নো শুকুৰবাৰে মৰাণত আধাৰশিলা স্থাপন কৰা হ'ল জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্পৰ । মৰাণৰ খটখটিত নৱ নিৰ্মিত ফ'ৰলেন পথৰ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ সংযোগ কৰিয়েই নিৰ্মাণ কৰা হ'ব এই জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্প (Emergency aircraft landing project at Moran) । এই প্ৰকল্পৰ সহায়ত জৰুৰীকালীন সময়ত যুদ্ধ আৰু যাত্ৰীবাহী বিমানসমূহ অৱতৰণ কৰোৱা হ'ব । 

শুকুৰবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই প্ৰকল্পৰ শুভ উদ্বোধন কৰে । লগতে প্ৰায় ১৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব বুলিও জানিবলৈ দিয়ে (Emergency aircraft landing on National Highway)। ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়া অনুসৰি যুদ্ধকালীন পৰিস্থিতিৰ সৃষ্টি হ'লে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰাৰ লগতে চৰকাৰৰ বিশেষ প্ৰয়োজন হ'লেও ব্যৱহাৰ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব এই জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্প । 

মুঠ 122 কোটি টকাৰে নিৰ্মাণ হ'বলগা এই প্ৰকল্প শুভ উদ্বোধন কৰি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৱিষ্যত পৰিকল্পনা কৰি এক সুন্দৰ প্ৰকল্প অসমবাসীৰ বাবে প্ৰদান কৰিছে । এই প্ৰকল্প সম্পূৰ্ণ হ'লে ৰাইজ যথেষ্ট উপকৃত হ'ব । কাৰণ ডিব্ৰুগড় বিমানবন্দৰ আৰু যোৰহাট বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰা বহু বিমান এই প্ৰকল্পত অৱতৰণ কৰিব । 

বিধায়ক চক্ৰধৰ গগৈয়ে লগতে কয় যে, মৰাণত ফ'ৰলেন পথ নিৰ্মাণত যি ধৰণে পলম হৈছে, তাক গতিশীল কৰিবলৈ জিলা প্ৰশাসন আৰু NIDCL কৰ্তৃপক্ষই চেষ্টা কৰিছে । নতুন ঠিকা প্ৰতিষ্ঠানক কাম প্ৰদান কৰা হৈছে । এতিয়া পূৰ্ণ গতিত চলিব মৰাণত ফ'ৰলেন পথৰ কাম । উল্লেখযোগ্য যে, আজি কেইবাটাও বছৰৰ পৰা মৰাণত ফ'ৰলেন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল । তেনেস্থলত ফ’ৰলেন পথৰ কাম আৰু জৰুৰীকালীন বিমান অৱতৰণ প্ৰকল্পৰ কাম নিৰ্ধাৰিত সময়ত হৈ উঠে নে নাই সেয়া সময়তহে পৰিলক্ষিত হ'ব ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.