Elephant rescued at Sonari: সোণাৰিত নদীত উদ্ধাৰ হাতীৰ মৃতদেহ

By

Published : Nov 20, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

সোণাৰিৰ টাওকাক নদীত হাতীৰ মৃতদেহ এটা উদ্ধাৰ কৰা হয় (Elephant body rescued) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত চলি থকাৰ মাজতে সোণাৰিত পুনৰ বন্যহস্তীৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে ৷ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতীটো (Elephant body rescued at Sonari) ৷ অৱশ্যে এতিয়ালৈকে হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকৰ খবৰ অনুসৰি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ বন বিভাগে জানিবলৈ দিয়া মতে মৃত হাতীটোৰ শৰীৰত কিছু পৰিমাণে আঘাতৰ চিন আছে ৷ উল্লেখযোগ্য যে বিগত ২১ অক্টোবৰতো সোণাৰিৰ নাফুক চাহ বাগিচাত এটি বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ এইদৰে সঘনাই বিভিন্ন কাৰণত হাতীৰ মৃত্যু হোৱা ঘটনাই চিন্তিত কৰি তুলিছে সচেতন ৰাইজক ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.