কোকৰাঝাৰৰ গৌড়নগৰত কেদাৰনাথ মন্দিৰৰ আৰ্হিত দুৰ্গা পূজা মণ্ডপ

By

Published : Oct 3, 2022, 11:42 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কোকৰাঝাৰ চহৰৰ গৌড়নগৰত কেদাৰনাথ মন্দিৰৰ(Kedarnath Temple) আৰ্হিৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজা মণ্ডপ ৷ জাহ্নৱী ক্লাৱে আয়োজন কৰা ৫৫ বছৰ গৰকা দুৰ্গা পূজাৰ এইবাৰৰ মণ্ডপটো বিভিন্ন ৰং আৰু আলোকসজ্জাৰে জাকত-জিলিকা কৰি তোলা দেখা গৈছে (Durga Puja Mandap in Kokrajhar)৷ সম্প্ৰতি ভক্তপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে মণ্ডপটো ৷ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই(BTR EM Arup Kumar Dey) মহা সপ্তমীত পূজা মণ্ডপটোৰ মূল দ্বাৰ মুকলি কৰে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে যুৱ প্ৰজন্মক নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত থাকি সুৰক্ষিতভাবে দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনায় ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.