Drugs siezed in Hojai: হোজাইত 5 সৰবৰাহকাৰী সহ ড্ৰাগছ জব্দ

By

Published : Nov 18, 2022, 10:41 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে শুকুৰবাৰে পুৱতি নিশা যমুনামুখৰ সৰুপথাৰত এক গোপন তথ্যৰ ভিত্তিত হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দেশত যমুনামুখ আৰক্ষীয়ে এক অভিযান চলায় ৷ আৰক্ষীয়ে এই অভিযানত দুগৰাকী মহিলাকে ধৰি পাঁচটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Drugs paddler arrested with drugs)৷ ধৃত সৰবৰাহকাৰীকেইটা হ’ল আমিনা বেগম, মমতাজ বেগম, আব্দুল হান্নান, হবিবুৰ ৰহমান আৰু জমিৰ উদ্দিন (Drugs paddler arrested in Hojai)৷ আটাইকেইটা সৰবৰাহকাৰীৰ ঘৰ যমুনামুখৰ সৰুপথাৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা বহুকেইটা হেৰ’ইন ভৰ্তি কণ্টেইনাৰৰ লগতে পাঁচটা নিছাজাতীয় কফ চিৰাপ জব্দ কৰে (Drugs siezed in Hojai)৷ হেৰ’ইনখিনি ক’ৰপৰা অনা হৈছে সেইয়া এতিয়াও পোহৰলৈ অহা নাই ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.