Elephant calf death in Dhemaji: পবা সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হাতী পোৱালীৰ মৃতদেহ

By

Published : Jan 28, 2023, 7:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

জোনাই, ২৮ জানুৱাৰী: ধেমাজি জিলাৰ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হৈছে এটা মৃত হাতী পোৱালী (Dead elephant calf rescued at Jonai)। স্থানীয় ৰাইজে পবা সংৰক্ষিত বনাঞ্চললৈ পাচলি বিচাৰি যোৱাৰ সময়ত শনিবাৰে এটা মৃত হাতী পোৱালী প্ৰত্য়ক্ষ কৰি বন বিভাগক খবৰ দিয়ে (Poba Reserve Forest at Dhemaji)। জানিব পৰা মতে,পবা বনাঞ্চলৰ নিচেই কাষতে থকা চিলে গাঁৱৰ স্থানীয় কেইজনমান যুৱকে জংঘলৰ ভিতৰত শাক-পাচলি বিচাৰি যাওঁতে প্ৰত্যক্ষ কৰে মৃত হাতী পোৱালীটো ।

ইয়াৰ পিছতেই জোনাই বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোকে পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল খণ্ডত মৃত হাতী পোৱালীটো উদ্ধাৰ কৰে । মৃত হাতী পোৱালীটো দুমহীয়া বুলি বন বিভাগৰ লোকে সদৰী কৰিছে । হাতী পোৱালীটোৰ মৃত্যু হোৱাৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই ৷ এই হাতী পোৱালীটোৰ কিছু দিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য় যে ইয়াৰ পূৰ্বেও এই পবা সংৰক্ষিত বনাঞ্চলত হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল ।   

উল্লেখ্য় যে শেহতীয়াভাৱে ৰাজ্যত বৃদ্ধি হ'বলৈ ধৰিছে হাতী মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে বিভিন্ন কাৰণত মৃত্য়ু হৈছে বনৰীয়া হাতীৰ ৷ এফালে বন্যহস্তীৰ সন্ত্ৰাসত বিপদাপন্ন জনজীৱন (Wild elephant terror in Assam) আৰু আনফালে খাদ্য়ৰ সন্ধানত হাতীয়ে জনাঞ্চললৈ গতি কৰা দৃশ্য়ই হাতী মানুহৰ সংঘাতৰ ছবিখন ভয়াৱহ কৰি তুলিছে ৷

বন্যহস্তীয়ে কোনো ঠাইত যদি সঘনাই ঘৰ ভাঙি উপদ্ৰৱ চলাইছে আন ক'ৰবাত আকৌ খেতিপথাৰৰ ক্ষতিসাধন কৰি কৃষকৰ নিদ্ৰাহৰণ কৰিছে । আন জিলাৰ লগতে ধেমাজিতো এই ছবিখন ভয়াৱহ হৈ পৰিছে (Man Elephant Conflict in Dhemaji)। ইয়াৰ মাজতেই হাতীৰ মৃত্য়ুৰ সংবাদে প্ৰকৃতিপ্ৰেমীক ব্য়াথিত কৰিছে । 

লগতে পঢ়ক:RP Kalita on surgical strike : চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত কি ক'লে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ?

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.