হোজাইত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কৃষক মেলা সম্পন্ন

By

Published : Sep 26, 2022, 1:01 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

হোজাইৰ দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত(Deshbandhu Vidyapith Higher Secondary School) হোজাই জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত CSS-ATMA ৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় কৃষক মেলা ২০২২-২৩(Farmers Fair at Hojai) । উক্ত কৃষক মেলাত জিলাখনৰ কেইবাগৰাকীও কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে । তদুপৰি মেলাখনত খাদ্যত ব্যৱহৃত কীটনাশক দ্ৰৱৰ বিপনী, কৃষি কামত ব্যৱহৃত বৈজ্ঞানিক ন ন সজুলি, বিভিন্ন জাতৰ উন্নতমূলক গছপুলি, জনগোষ্ঠীয় সাজ-পাৰ, খাদ্য-সামগ্ৰী, কৃষি বিভাগৰ পৰা নতুন পদ্ধতিৰ জৰিয়তে কেনেকৈ শস্য উৎপাদন কৰিব পাৰি সেই বিষয়েও প্ৰদৰ্শন কৰে । উক্ত প্ৰদৰ্শনীৰ সমান্তৰাল ভাবে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা । উক্ত মুকলি সভাত উপস্থিত থাকে হোজাই জিলাৰ কৃষি বিষয়া পৰাগ কুমাৰ মহন্ত, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া নিৰঞ্জন ডেকাকে ধৰি বিভিন্ন বিভাগৰ বিশিষ্ট ব্যক্তি সকল । উক্ত মুকলি সভাত কেইবাজনো সফল খেতিয়ক আৰু প্ৰদৰ্শনীত নিজৰ খেতিৰ শস্যৰে শীৰ্ষস্থান দখল কৰা কেইবাজনো খেতিয়কক গামোছা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.