সন্দেহজনক বাৰ্মিজ চুপাৰি সৰবৰাহত নাম সাঙোৰ খাইছে বিজেপি কৰ্মীৰ

By

Published : Sep 30, 2022, 9:56 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে নিচা বিৰোধী অভিযান (Operation against narcotics)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সন্দেহজনক বাৰ্মিজ চুপাৰি (Burmese supari seized at Karimganj)৷ ত্ৰিপুৰাৰ পৰা বদৰপুৰলৈ যোৱাৰ সময়তে কুকিতলত জব্দ কৰা হয় বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰিখিনি ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলায় TR 05 C 1884 নম্বৰৰ বলেৰ' আৰু TR 05 C 1906 নম্বৰৰ মেজিকত কঢ়িয়াই অনা বাৰ্মিজ চুপাৰিখিনি জব্দ কৰিবলৈ সক্ষম হয় কৰিমগঞ্জ আৰক্ষী (Burmese supari seized by Karimganj police)৷ মেজিকখনৰ চালকে ইতিমধ্যে পলায়ন কৰিছে যদিও বলেৰ’ চালক জামিল হুছেইনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ তাৎপৰ্যপূৰ্ণভাৱে জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ লগত নাম সাঙোৰ খাইছে এগৰাকী বিজেপি কৰ্মীৰ । চক্ৰটোৰ সৈতে কোন কোন জড়িত আছে সেই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.