Bhogali Bihu 2023: বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰৰ কচুকটাত ভোগালী বিহু উদযাপন

By

Published : Jan 18, 2023, 8:53 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে ভোগালী বিহুৰ ব্যাপক উচাহ(Bhogali Bihu 2023) । ব্যতিক্ৰম নহয় তামুলপুৰ(Bhugali bihu celebration at Kachukata in Tamulpur) । তামুলপুৰৰ কচুকাটাত ১৫ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহ । 

মঙলবাৰে অনুষ্ঠিত হয় কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান(Bhogali Bihu Festival Silver Jubilee in Tamulpur ) । সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱাই নাগ্ৰীজুলিৰ পৰা কচুবাৰীলৈ ১৭ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতা, স্বচ্ছতা অভিযানকে আদি কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয় । 

ইয়াৰ পিছতেই নানা জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰ লগতে তেওঁলোকৰ কৃষ্টি-সংস্কৃতিৰ পয়োভয়ৰে ঐতিহাসিক অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় সাজ-পোচাক পৰিধান কৰি, নৃত্য, গীত আদিৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিয়াওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে বিটিআৰৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.