Bathou Puja 2023: বাক্সাত বাথৌ পূজা উদযাপন

By

Published : Jan 24, 2023, 8:50 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজিৰে পৰা আৰম্ভ হৈছে বড়ো জনগোষ্ঠীৰ অন্যতম এক উৎসৱ বাথৌ পূজা(Bathou Puja celebrated in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰৰ বাথৌপূজা থলীতো বিৰাজ কৰিছে এক উদুলি মুদুলি পৰিৱেশ (Bathou Puja celebrated at Mushalpur) । আঠদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুছলপুৰৰ বাথৌপুৰীত অনুষ্ঠিত হৈছে ৪৯ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ । বাথৌ পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে(Bathou Puja celebrated in Baksa) । 

বাথৌফুৰীৰ বাথৌ পূজাস্থলীত উপস্থিত থাকি কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত মাচন্দা পাৰ্টিন আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে । ইয়াৰোপৰি মঙলবাৰে পুৱাৰ ভাগত বাথৌ মন্দিৰৰ দ্বাৰ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে, বাণিজ্য মেলা উন্মোচন কৰে বিটিচিৰ প্ৰাক্তন ই এম অনসুমৈ শুংগুৰ বড়োৱে ৷ বিটিআৰবাসী ৰাইজৰ মংগল কামনাৰে বাথৌৰ ওচৰত আশীর্বাদ গ্ৰহণ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে । 

বাথৌ পূজা সম্পন্ন কৰি মন্দিৰৰ পুৰোহিতগৰাকীয়ে কয় যে প্ৰকৃততে বাথৌ মানে নো কি সেয়া হয়তো বহুতেই নাজানে । বাথৌ শব্দৰ অৰ্থ হৈছে 'পঞ্চ' আৰু থৌ মানে 'তত্ব' । এই পঞ্চতত্বক বিশ্বাস কৰিয়েই বড়ো লোকসকলে প্ৰতি বছৰে উলহ-মালহেৰে পালন কৰি আহিছ এই বাথৌ পূজা । বাথৌ পূজাৰ দিনটোত ইষ্ট দেৱতাক পূজা অৰ্চনা কৰে বড়ো সম্প্ৰদায়ৰ পুৰুষ-মহিলাসকলে (Bodo people celebrated Bathou Puja) । 

বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান । বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ প্ৰধান দেৱতা । সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত কৰা হয় । হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে । বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা ।

বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাচত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয় । বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয় । পূজাত মদ-মাংস আদিৰে নৈবদ্য আগবঢ়োৱা হয় । পূজাত দেওধনি নৃত্য পৰিৱেশন কৰে বড়ো জনগোষ্ঠীৰ লোকসকলে । লগতে ভৱিষ্যত বাণীও কৰে পুৰোহিতসকলে । আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয় । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.