Veterinary Hospital at Baihata Chariali: ভূত বাংলাত পৰিণত শিঙাৰপাৰা পশু চিকিৎসালয়

By

Published : Aug 1, 2022, 4:15 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰাজ্যৰ চৰকাৰে গো-সুৰক্ষা(Assam Cattle Preservation Act) সম্পৰ্কে ঢাক-ঢোল বজাই থাকিলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পশুপালন আৰু পশু চিকিৎসালয়ৰ অৱস্থা তেনেই পুতৌজনক । এই ছবিখন প্ৰতিফলিত হৈছে বাইহাটা চাৰিআলিৰ শিঙাৰপাৰা পশুপালন ও পশু চিকিৎসালয়ত (Veterinary hospital collapses at Baihata Chariali)। বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ অন্য়তম ভৰসা এই চিকিৎসালয়খন বৰ্তমান ভূত বাংলাত পৰিণত হৈছে । ২৫ বছৰ পূৰ্বে কমলপুৰ সমষ্টিৰ শিঙাৰপাৰা অঞ্চলটোৰ প্ৰায় ১৫-২০খন গাঁৱৰ পশুধনৰ চিকিৎসাৰ বাবে স্থাপন কৰা হৈছিল এই চিকিৎসালয়খন । বিভাগৰ অমনোযোগিতাৰ ফলত এতিয়া দিনক দিনে জহি-খহি গৈছে চিকিৎসালয়খনৰ ঘৰ তথা সা-সামগ্ৰী । পকী খুটাৰ সলনি লাগি আছে বাঁহৰ খুঁটা । উক্ত অঞ্চলটোৰ ৰাইজে পশুধনৰ চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসক নাইবা দহ কিলোমিটাৰ দূৰলৈ গৈ পশুৰ চিকিৎসা কৰিবলগীয়া হৈছে । এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কতৃপক্ষক পশু চিকিৎসালয়খন কাৰ্যক্ষম কৰি তুলিবলৈ দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.