অৱশেষত মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

By

Published : Jul 31, 2022, 5:45 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

চিনেমা প্ৰেমীৰ বাবে এক সুখবৰ ৷ অৱশেষত মুকলি হ’ল হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমা ‘‘বুলু ফিল্ম’’ৰ ট্ৰেইলৰ (Bulu film trailer released) । ছাকিৰা আহিব বকুলতলৰ বিহুলৈ, গৰু, হিৰো নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাচত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে ‘‘বুলু ফিল্ম’’ । এইখন চিনেমাই শেহতীয়াকৈ ‘‘প্ৰাগ চিনে এৱাৰ্ডত’’ (Prag Cine Awards) কেইবাটিও শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । হিমাংশু প্ৰসাদ দাসৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰনামী বৰা, অপূৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ, অনামিকা শৰণীয়া, গৌৰৱজ্যোতি দাস, শিখা ঠাকুৰীয়া আদি শিল্পীয়ে । হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিণতিত শেষ হয় । ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখন অহা ৯ চেপ্তেম্বৰত সমগ্ৰ অসমৰ চিনেমা হলত মুক্তি লাভ কৰিব ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.