ETV Bharat / sukhibhava

World Alzheimers day 2023: এলঝাইমাৰ ৰোগৰ কি ? ইয়াৰ কাৰণ আৰু লক্ষণসমূহ কি কি ?

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 6:46 PM IST

World Alzheimers day 2023
এলঝাইমাৰ ৰোগৰ কি ? ইয়াৰ কাৰণ আৰু লক্ষণ সমূহ কি কি ?

আজি বিশ্ব এলঝাইমাৰ দিৱস ৷ প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত দিনটো বিশ্ব এলঝাইমাৰ দিৱস হিচাপে পালন কৰা হয় ৷ এলঝাইমাৰ ৰোগৰ কি ? ইয়াৰ কাৰণ আৰু লক্ষণসমূহ কি কি জনালে চিকিৎসক ডাঃ দীনেশ আগৰৱালাই ৷

চিকিৎসক ডাঃ দীনেশ আগৰৱালা

এলঝাইমাৰ ৰোগ হ'ল মস্তিষ্কত হোৱা এবিধ বিশেষ ধৰণৰ ৰোগ ৷ এই ৰোগক আক্রান্ত হলে মস্তিষ্কৰ স্নায়কোষসমূহ ধ্বংস হ'বলৈ আৰম্ভ কৰে ৷ ধ্বংসহোৱা স্নায়ুকোষসমূহৰ বাবেই স্মৃতিশক্তি লোপ পাবলৈ ধৰে ৷

সাধাৰণতে এই ৰোগ ৬০ৰ উৰ্দ্ধৰ লোকৰ বেছি হোৱা দেখা যায় ৷ অৱশ্যে এই ক্ষেত্ৰত কমবয়সীয়া লোক আক্রান্ত নহয় বুলি নিশ্চয়কৈ ক'ব নোৱাৰি ৷ চিকিৎসা বিজ্ঞানত স্মৃতিভ্ৰমক ডিমেনছিয়া বুলি কোৱা হয় ৷ ডিমেনছিয়াৰ অন্যতম কাৰণ এলঝাইমাৰ ৰোগ ৷ সমগ্র বিশ্বতে ২১.৭ শতাংশ লোক এলঝাইমাৰ ৰোগত আক্রান্ত হয় ৷ ১৯০৭ চনত জাৰ্মানীৰ বিখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ এলয়েছ এলঝাইমাৰে প্ৰথমবাৰৰ বাবে স্মৃতিভ্ৰমৰ কাৰণ সম্পৰ্কে বাখ্যা কৰিছিল ৷

পুৰুষ-মহিলা উভয়ে এই ৰোগত ভুগিবলৈ ধৰিছে ৷ সাধাৰণতে ৬৫ৰ উৰ্দ্ধৰ প্ৰতি ১৫ গৰাকী লোকৰ ভিতৰত এগৰাকীৰ এই ৰোগ হোৱা দেখা যায় ৷

এলঝাইমাৰ ৰোগৰ লক্ষণসমূহ কি কি ?

১) এই ৰোগে স্মৃতিশক্তি হ্ৰাস কৰে, যাৰ বাবে মানুহে একো মনত ৰাখিব নোৱাৰে ৷

২) দৈনন্দিন কাম-কাজ পৰিচালনাত অসুবিধাৰ সন্মুখীন হয় ৷

৩) এনে ৰোগত আক্রান্ত ব্যক্তিৰ উদ্যমৰ অভাৱ পৰিলক্ষিত হয় ৷ কাম-বন কৰিবলৈ ইচ্ছা নকৰে ৷

৪) শেহতীয়াকৈ ঘটি যোৱা ঘটনাৰাজি মনত পেলাবলৈ কষ্ট হয় ৷

৫) এলঝাইমাৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অস্বাভাৱিক পৰিবৰ্তন হ'বলৈ ধৰে ৷ কোনো কাৰণ নোহোৱাকৈ গালি-গালাজ কৰা, উত্তেজিত হোৱা, মাৰপিট কৰা আদি দেখা যায় ৷

৬) ভাষাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হয় ৷ কথোপকথনৰ সময়ত সঠিক শব্দৰ প্ৰয়োগ কৰিব নোৱাৰে ৷

৭) সময় আৰু স্থান সম্পৰ্কে বিভ্ৰান্ত হয় ৷ ৰোগীগৰাকী ক'ত আছে, কিমান সময় বহি অথবা থিয় হৈ আছে সেয়া অনুভৱ কৰিব নোৱাৰে ৷

৮) বিচাৰ বুদ্ধিৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সমস্যাৰ উদ্ভৱ হয় ৷

৯) এলঝাইমাৰ ৰোগত আক্ৰান্ত ব্যক্তিৰ বুদ্ধি প্ৰয়োগ ক্ষমতা একেবাৰে হ্ৰাস পায় ৷ পঢ়া-শুনা কৰা বা হিচাপ পত্ৰ ৰখা আদি সাধাৰণ কামখিনিত সম্পাদন কৰিব নোৱাৰে ৷

১০) কোনো এটা বস্তু কত ৰাখিছে মনত নাথাকে ৷ বস্তুবোৰ হেৰুৱাই পেলায় আৰু পৰৱৰ্তী সময়ত সেই বস্তুসমূহ বিচাৰি হাই -কাজিয়া আৰম্ভ কৰি দিয়ে ৷

লগতে পঢ়ক: Ginger Benefits: Gingerol ৰে সমৃদ্ধ আদা স্বাস্থ্যৰ পক্ষে কিয় গুৰুত্বপূৰ্ণ ? ইয়াৰ ১০টা ডাঙৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.