ETV Bharat / sukhibhava

এই ৪ টা কাৰণত শীতকালত এলাহ অনুভৱ হয়, ইয়াৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এই উপায়

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 12:01 PM IST

Why Do You Feel More Tired In The Winter?  Know the reason
শীতকালত মানুহে অলসতা আৰু ভাগৰুৱা অনুভৱ কৰে

শীতকালত মানুহে অলসতা আৰু ভাগৰুৱা অনুভৱ কৰে ৷ কিন্তু কিয় এনে অনুভৱ হয় জানেনে ? যদি নাজানে জানি লওক এই প্ৰতিবেদনত ৷

গ্ৰীষ্মকালৰ অন্তত লাহে লাহে আগমন ঘটিছে শীতকালৰ ৷ বতৰ সলনি হোৱাৰ লগে লগে আমাৰ শৰীৰতো বহুত পৰিৱৰ্তন দেখা যায় ৷ আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে শীতকালৰ আগমনৰ লগে লগে শৰীৰত এলাহ বাঢ়ি যায় ? পুৱা বিচনাৰ পৰা উঠিবলৈ মন নাযায়, অধিক টোপনি অনুভৱ হয় । আমি সকলোৱে জানো যে বতৰৰ পৰিৱৰ্তনৰ বাবে এনেকুৱা হয়, কিন্তু ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ কোনেও গম নাপায় । গতিকে শীতকালত অত্যধিক টোপনিৰ আঁৰৰ কাৰণ জানি লওক এই প্ৰতিবেদনত ।

ঋতুভিত্তিক পৰিৱৰ্তন

শীতকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা কমি আহিছে ৷ সূৰ্য সোনকালে অস্ত যোৱাৰ লগে লগে দিনবোৰ চুটি হৈ আহিছে । এনে পৰিস্থিতিত সূৰ্যৰ পোহৰ কম হোৱাৰ বাবে শৰীৰত ভিটামিন ডিৰ অভাৱ ঘটিব পাৰে । ভিটামিন ডিৰ অভাৱৰ বাবে আমি অত্যধিক টোপনি আৰু ভাগৰুৱা অনুভৱ কৰো । ইয়াৰ লগতে ঠাণ্ডাই বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ভোক বৃদ্ধি আৰু অত্যধিক টোপনিৰ দৰে সমস্যাও হ’ব পাৰে ।

শাৰীৰিক কাৰ্যকলাপ

শীতকাল আৰম্ভ হোৱাৰ লগে লগে মানুহে ব্যায়াম বন্ধ কৰি এটা ঠাইত বহি থকাটো পছন্দ কৰে । এনে পৰিস্থিতিত শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱাৰ বাবে এলাহ আৰু অত্যধিক টোপনিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

খাদ্যাভ্যাসৰ পৰিৱৰ্তন

শীতকালত আমি গাখীৰ, দৈ আৰু পনিৰৰ দৰে বস্তু বেছিকৈ খাওঁ । কোৱা হয় যে, অধিক দুগ্ধজাত সামগ্ৰী সেৱন কৰিলেও অধিক টোপনি হয় ।

ঋতুভিত্তিক প্ৰভাৱ বিকাৰ

বতৰৰ পৰিৱৰ্তনে ব্যক্তিৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়, ইয়াৰে এটা হ’ল ঋতুভিত্তিক প্ৰভাৱ বিকাৰ । এইটো এক প্ৰকাৰৰ হতাশা যিটো বতৰৰ লগত জড়িত । যদিও এই বিকাৰ গ্রীষ্মকালতো দেখা যায়, কিন্তু গ্রীষ্মকালতকৈ শীতকালত ইয়াৰ ৰোগ বেছি দেখা যায় । ইয়াত ব্যক্তিগৰাকীয়ে মানসিক চাপ, খং আৰু খিংখিঙীয়া অনুভৱ কৰে । ইয়াৰ লগতে নিশা ভালদৰে টোপনি অহাত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত দিনত টোপনি আহিব পাৰে ।

এনেধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰহণ কৰক এই উপায়

দিনত কিছু সময় ৰ’দত বহিব

ঋতু অনুসৰি ফলমূল আৰু শাক-পাচলি খাব লাগে

দৈনিক ২০ৰ পৰা ৩০ মিনিট ব্যায়াম কৰিব

পুৱা সোনকালে সাৰ পাবলৈ চেষ্টা কৰিব

লগতে পঢ়ক: চাউলৰ পানীয়ে দূৰ কৰিব আপোনাৰ চুলিৰ এই গুৰুতৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.