ETV Bharat / sukhibhava

চাউলৰ পানীয়ে দূৰ কৰিব আপোনাৰ চুলিৰ এই গুৰুতৰ সমস্যা

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 4:30 PM IST

প্ৰায়েই আমি উফিৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰৰ নামী-দামী তেল ছেম্পু ব্যৱহাৰ কৰো যদিও সুফল লাভ কৰিবলৈ সক্ষম নহও ৷ কিন্তু আপুনি ঘৰতেই মাত্ৰ তিনিটা উপায়ৰে চিৰদিনলৈ দূৰ কৰিব পাৰে উফিৰ সমস্যা ৷ আজি এই বিষয়ে জানো আহক-

Winter Hair Care Tips For Healthy Hair And Scalp
চাউলৰ পানীয়ে দূৰ কৰিব আপোনাৰ চুলিৰ এই গুৰুতৰ সমস্যা

শীতকালত আমাৰ শৰীৰৰ লগতে মূৰৰ ছালো শুকান হৈ পৰে ৷ মূৰৰ ছাল শুকান হোৱাৰ ফলত উফিৰ সমস্যা হয় ৷ চুলি সৰা, চুলিৰ উপযুক্ত বিকাশ নোহোৱা আদি বহু সমস্যাৰ কাৰণ হৈছে উফি ৷ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ অধিকাংশই বজাৰৰ নামী-দামী তেল ছেম্পু ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে ৷ কিন্তু আপুনি ঘৰতেই মাত্ৰ তিনিটা উপায়েৰে চিৰদিনলৈ দূৰ কৰিব পাৰে উফিৰ সমস্যা ৷আজি এই বিষয়ে জানো আহক-

পিয়াঁজৰ ৰস

কেৱল চুলি সৰাই নহয়, উফিৰ সমস্যাৰো সমাধান দিয়ে পিয়াঁজৰ ৰসে ৷ আপোনাৰ চুলিৰ জোখৰে পিয়াঁজ গুৰি কৰি ৰস উলিয়াই ল’ব ৷ ইয়াৰ পিছত মূৰৰ ছালত এই ৰসখিনি ভালদৰে প্ৰয়োগ কৰি ১৫-২০মিনিটৰ বাবে এৰি দিব ৷ নিৰ্দিষ্ট সময়ৰ পিছত চুলিখিনি ভালদৰে ধুই ল’ব ৷

এল’ভেৰাৰ ৰস

এল’ভেৰা চুলিৰ বাবেও যথেষ্ট উপকাৰী ৷ এল’ভেৰাৰ সতেজ পাতবোৰ ভাঙি ভিতৰৰ জেলখিনি মূৰৰ ছালত প্ৰয়োগ কৰি আধা ঘণ্টা থাকিব ৷ ইয়াৰ পাছত চুলিখিনি চাফা পানীৰে ধুই পেলাব ৷ এল’ভেৰা জেল আপুনি নেমুৰ ৰস আৰু নাৰিকল তেলৰ সৈতে মিহলাইও চূলিৰ গুৰিত লগাব পাৰে ৷ ইয়াৰ ফলত উফিৰ লগতে চুলি সৰা সমস্যাও নাইকিয়া হ’ব ৷

চাউলৰ পানী

চাউলৰ পানী উফিৰ ঔষধ ৷ ই চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰাটো যথেষ্ট সহায়ক ৷ ইয়াক চুলিত প্ৰয়োগৰ বাবে ৩ কাপ পানীত ১ কাপ চাউলৰ পানী মিহলাই চুলিত প্ৰয়োগ কৰিব ৷ এই পানীৰে ভালদৰে চুলিখিনি ঘঁহি ধুব ৷ ইয়াৰ পাছত পৰিস্কাৰ পানীৰে ধুই চুলিখিনি ছেম্পু কৰিব ৷ এনেদৰে সপ্তাহত তিনিবাৰ চুলি ধুব ৷ আপোনাৰ চুলিখিনিয়ে যথেষ্ট পুষ্টি লাভ কৰিব ৷

লগতে পঢ়ক: আপুনিও ডায়েটিং নকৰাকৈ ওজন কমাব বিচাৰে নেকি ? তেন্তে কামত আহিব এই উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.