ETV Bharat / sukhibhava

Papaya: এইসকল লোকে কেতিয়াও নাখাব অমিতা; উপকাৰৰ পৰিবৰ্তে হ’ব অপকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 1:44 PM IST

যদিও অমিতাত আঁহ আৰু ভিটামিন চিৰ দৰে সমৃদ্ধ পুষ্টিকৰ উপাদান থাকে, তথাপিও এই ফল বহুতৰে বাবে লাভদায়ক নহ’বও পাৰে, জানো আহক কোন কোন লোকে এইবিধ ফল গ্ৰহণ কৰাটো উচিত নহয় ৷

Papaya is not good for these people, it can cause harm instead of benefit
এইসকল লোকে কেতিয়াও নাখাব অমিতা; উপকাৰৰ পৰিবৰ্তে হ’ব অপকাৰ

অমিতা এনে এবিধ ফল যিটো ভাৰতত বহুলভাৱে খোৱা হয় আৰু বহুলোকে পচন্দ কৰে ৷ স্বাস্থ্য বিশেষজ্ঞসকলেও ইয়াক নিয়মীয়াকৈ সেৱন কৰাৰ পৰামৰ্শ দিয়ে, কিন্তু যদি ইয়াক অত্যধিকভাৱে সেৱন কৰা হয় তেন্তে ইয়াৰ দ্বাৰা উপকাৰৰ পৰিৱৰ্তে ক্ষতিহে হ’ব পাৰে ৷

একে সময়তে কিছুমান বিশেষ প্ৰকাৰৰ লোক বা ৰোগত আক্ৰান্ত লোকে এই ফলৰ পৰা আঁতৰি থাকিব লাগে ৷ যদিও অমিতাত আঁহ আৰু ভিটামিন চিৰ দৰে সমৃদ্ধ পুষ্টিকৰ উপাদান থাকে, তথাপিও এই ফল বহুতৰে বাবে লাভদায়ক নহ’বও পাৰে, জানো আহক কোন কোন লোকে এইবিধ ফল গ্ৰহণ কৰাটো উচিত নহয় ৷

এইসকল লোকে কেতিয়াও নাখাব অমিতা

১/ বৃক্কত পাথৰ হোৱা ৰোগী

অমিতা ভিটামিন চিৰে সমৃদ্ধ এবিধ ফল ৷ যদি এই পুষ্টিকৰ পদাৰ্থ কেলচিয়ামৰ সৈতে মিহলি হয় তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ যিসকল লোকে কিডনীত পাথৰৰ সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে এই ফল খোৱাটো উচিত নহয় ৷

২/ এই ধৰণৰ ঔষধ সেৱন কৰা লোক

যদি আপুনি তেজ পাতল কৰা ঔষধ (Blood Thinner Medicine) খাই আছে তেন্তে ফাৰ্মেন্টেড অমিতা আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷ প্ৰায়ে হৃদৰোগত আক্ৰান্ত লোকে এই ঔষধ সেৱন কৰে, যাতে ৰক্ত সঞ্চালনত কোনো সমস্যা নহয় ৷ যদি এনে ৰোগীয়ে অমিতা খায় তেন্তে আঘাতৰ বাবে সহজে ৰক্তক্ষৰণ আৰম্ভ হয় ৷

৩/ হাঁপানী ৰোগী

যদি আপুনি উশাহ লোৱাত কষ্ট পায় তেন্তে অমিতাৰ পৰা আঁতৰি থাকক ৷ এই ফলত থকা এনজাইম হাঁপানী ৰোগীৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷

৪/ গৰ্ভৱতী মহিলা

বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে, গৰ্ভৱতী মহিলাই অমিতা একেবাৰে খাব নালাগে কাৰণ ই তেওঁলোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে ৷

৫/ এলাৰ্জীত আক্ৰান্ত লোক

যদি আপুনি এলাৰ্জীৰ দৰে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে অমিতা একেবাৰেই নাখাব, কাৰণ ইয়াত থকা পেপেইন উপাদানে সমস্যাটো বৃদ্ধি কৰিব পাৰে আৰু ছালত খজুৱতি বা জ্বলা-পোৰা অনুভৱ হ’ব পাৰে ৷

লগতে পঢ়ক: Green Peas: শীতকালত খাওক সেউজীয়া মটৰ; প্ৰ’টিনৰ লগতে পাওক এইসমূহ সুবিধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.