Best Time to Eat Fruit: ফলমূল খোৱাৰ উপযুক্ত সময় কি ? জানক

author img

By

Published : Jan 25, 2023, 4:26 PM IST

When Should You Eat Fruits To Obtain The Maximum Benefits

ফলমূলৰ সেৱন আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আৰু উপকাৰী সেয়া সকলোৱে জানে । কিন্তু বহু সময়ত মানুহে ইয়াক খোৱাৰ উপযুক্ত সময় কি সেইটোত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি নাভাবে । জানো আহক দৰাচলতে কোনটো সময়ত আমি ফলমূল গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী ৷

আমি সকলোৱে বিভিন্নজনৰ মুখে মুখে শুনিছো যে ফলে আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰ সাধন কৰিব পাৰে ৷ বিশেষকৈ পুৱা খালী পেটত ফল গ্ৰহণ কৰাৰ বিষয়ে(Right Time For Fruits)। ইয়াৰ ফলত হজম শক্তি, ছাল, চুলি, বিপাকীয় ক্ৰিয়া, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ।

কিন্তু আমি পাহৰি যোৱাৰ প্ৰৱণতা থাকে যে প্ৰতিজন ব্যক্তিৰ শৰীৰৰ এটা সুকীয়া প্ৰকাৰ আৰু বিপাকীয় ক্ৰিয়া থাকে(best time to eat fruits according to ayurveda) । সেয়েহে কিছু লোকে পুৱা ফল খোৱাৰ পৰা বিৰত থাকে । আনহাতে আনৰ বাবে ব্ৰেকফাষ্টৰ লগত ফল খোৱাটোৱেই উত্তম অভিজ্ঞতা ।

বিভিন্ন ধৰণৰ ফল

প্ৰতিটো ফলতে বিভিন্ন ধৰণৰ এনজাইম আৰু এচিড থাকে যিয়ে আন্ত্ৰিক অংশত থকা বেক্টেৰিয়াৰ সৈতে বিক্ৰিয়া কৰি ব্যক্তিজনৰ লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি ভাল বা বেয়া প্ৰভাৱৰ সৃষ্টি কৰিব পাৰে(Best Time to Eat Fruit)। এনে পৰিস্থিতিত বিশেষজ্ঞসকলে কয় যে সেইবোৰ আপোনাৰ প্লেটত ৰখাৰ পূৰ্বে আপুনি যিবোৰ ফল খাবলৈ ওলাইছে সেইবোৰৰ বিষয়ে ভালদৰে জানি লওক ।

পুৱা ফল এৰাই চলিব নে গ্ৰহণ কৰিব ?

১/ ফলৰ পৰা আঁতৰি থাকক

পুৱা খালী পেটত ফলমূল খোৱাৰ পৰা বিৰত থাকিব যদিহে আপোনাৰ এচিডিটি, জ্বলা-পোৰা, বা কফৰ সৈতে জড়িত লক্ষণ যেনে চৰ্দি, কাহ, চাইনাচাইটিছ, এলাৰ্জী, হাঁপানী, উচ্চ জ্বৰ, হাওঁফাওঁত ভিৰ, ব্ৰংকাইটিছ, ডায়েবেটিছ, ওজন বৃদ্ধি আদি দেখা দিয়ে(Avoid or consume fruit in the morning) ৷

২/ ফলমূল খোৱা

কোষ্ঠকাঠিন্য, শুকান ছাল, শুকান ভাজ লগা চুলি, হজম শক্তি দুৰ্বল আৰু বিপাকীয় ক্ৰিয়া দুৰ্বল আদি লক্ষণ দেখা দিলে ফল খাব । ফলে আপোনাৰ আন্ত্ৰিক বেক্টেৰিয়া বৃদ্ধি কৰে আৰু আপোনাৰ গেষ্ট্ৰিক ৰসক উত্তেজিত কৰে(fruit for healthy skin)।

৩/ মনত ৰাখিব

মনত ৰাখিব যে ফল অকলে খাব(worst time to eat fruits)অৰ্থাৎ শাক-পাচলি, দুগ্ধজাত সামগ্ৰী, শস্য আৰু দালি বা মাংসৰ লগত মিহলাই খাব নালাগে ৷ কাৰণ ই আপোনাৰ শৰীৰৰ বাবে বিষাক্ত হ’ব পাৰে । অৱশ্যে শুকান ফলৰ সৈতে খাব পাৰে কাৰণ ইহঁত একে ধৰণৰ ।

পুৱা ফলমূল খোৱাৰ উপকাৰিতা-

১/ শ্ৰেষ্ঠ ডিটক্স খাদ্য

আমাৰ শৰীৰে পুৱা ৭-১১ বজাৰ পৰা ডিটক্স প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয় । অধিক চৰ্বিযুক্ত এন্টি-ডিটক্স খাদ্যৰ দৰে নহয়, এই প্ৰক্ৰিয়াৰ সময়ত ফলমূলে শক্তি বৃদ্ধি কৰিব(Best detox foods)।

২/ বিপাকীয় ক্ৰিয়া বৃদ্ধি(Metabolism Boost)

ফলমূল হ’ল আটাইতকৈ সহজে হজম হোৱা খাদ্য । এইবোৰ পুৱা সেৱন কৰিলে ফলমূলত প্ৰাকৃতিক চেনিৰ প্ৰবাহৰ বাবে আগন্তুক ঘণ্টাৰ বাবে বিপাকীয় হাৰ বৃদ্ধি কৰে ।

৩/ ফলে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি তোলে

সাৰ পোৱাৰ ঠিক পিছতেই আপোনাৰ শৰীৰত প্ৰাকৃতিক ফলৰ চেনিৰ অতি প্ৰয়োজন হয় । আপোনাৰ এস্প্ৰেছ’ শ্বটটো ফলৰ প্লেট এখনেৰে সলনি কৰি চাওক, পৰিবৰ্তন নিজেই দেখিব(The fruit activates your body) ৷

লগতে পঢ়ক: Flu Prevention Tips: শীতকালত ফ্লুৰ পৰা হাত সাৰিবলৈ মনত ৰাখক এইসমূহ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.