ETV Bharat / sukhibhava

World Diabetes Day 2023: আজি বিশ্ব ডায়েবেটিছ দিৱস; এই দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 5:31 PM IST

World Diabetes Day 2023
বিশ্ব ডায়েবেটিছ দিৱস

ডায়েবেটিছ দিৱস কিয় পালন কৰা হয় ? ডায়েবেটিছ ৰোগৰ কাৰণ তথা ইয়াৰ লক্ষণসমূহ কি কি ? ডায়েবেটিছ ৰোগী এগৰাকীয়ে কি খাদ্য গ্ৰহণ কৰিব লাগে ? শিশুসকলৰ ডায়েবেটিছৰ লক্ষণ কি ? ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই সম্পৰ্কে জনালে জ্যেষ্ঠ চিকিৎসক হেমাংগ বৰ্মনে ৷

জ্যেষ্ঠ চিকিৎসক হেমাংগ বৰ্মন

গুৱাহাটী, ১৪ নৱেম্বৰ: আজি বিশ্ব ডায়েবেটিছ দিৱস ৷ ১৯৯১ চনৰ পৰা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য বিশ্বজুৰি ১৪ নৱেম্বৰৰ দিনটো ডায়েবেটিছ দিৱস পালন কৰি অহা হৈছে ৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি ডায়েবেটিছ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ দেশত বৰ্তমান প্ৰতি ১১ জনৰ লোকৰ ভিতৰত বৰ্তমান ১ লোক আক্রান্ত হৈছে ডায়েবেটিছ বা মধুমেহ ৰোগত ৷ ডায়েবেটিছ হ’লে মানুহৰ চকু, কিডনী, হাৰ্ট আদিও বেয়া হৈ যায় ৷ সেয়ে এইবোৰ ক্ষেত্ৰত মানুহক সজাগ কৰিবলৈ এই দিৱস পালন কৰি অহা হৈছে ৷

ডায়েবেটিছ ৰোগৰ কাৰণ সমূহ কি কি ?

বিভিন্ন কাৰণত এজন লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে ৷ সেইসমূহৰ ভিতৰত খাদ্যজনিত, জীৱন ধাৰণৰ পদ্ধতি, মানসিক চাপ, বংশগত, মেদবহুলতাজনিত আদি প্ৰধান কাৰণ ৷ যদিহে এটা পৰিয়াল মাক- দেউতাকৰ ডায়েবেটিছ থাকে বা বংশপৰিয়ালৰ থাকে তেন্তে তেওঁলোকৰ সন্তানৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে ৷

যদিহে পিতৃ-মাতৃ দুয়োগৰাকীৰে ডায়েবেটিছ থাকে তেন্তে তেওঁলোকৰ সন্তানৰ ৯০ শতাংশ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে ৷ আনহাতে যদি কেৱল পিতৃ বা মাতৃৰ দুয়োগৰাকীৰ এগৰাকীৰহে যদি ডায়েবেটিছ থাকে তেন্তে সন্তানৰ ৫০ শতাংশ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে ৷ মধুমেহ ৰোগে লাহে লাহে হৃদয়, কিডনি, চকুৰ দৃষ্টিশক্তি আদিৰ ওপৰত প্ৰভাৱ পেলাই ক্ৰমান্বয়ে ৰোগীক জটিল অৱস্থালৈ লৈ যায় ৷ আধুনিক জীৱন শৈলীও ডায়েবেটিছ হোৱাৰ এক কাৰণ ৷

ডায়েবেটিছ ৰোগৰ লক্ষণসমূহ কি কি ?

১) ডায়েবেটিছ হ’লে ৰোগীগৰাকীৰ বাৰে বাৰে প্ৰস্ৰাৱ লাগি থকা যেন অনুভৱ হৈছে ৷

২) অধিক পানী পিয়াঁহ অনুভৱ হোৱা ৷

৩) ভোক বেছিকৈ লাগিব ৷

৪) ব্যক্তিগৰাকীৰ ওজন যথেষ্ট পৰিমাণে কমি যায় ৷

এইসমূহ এগৰাকী ডায়েবেটিছ ৰোগীৰ প্ৰাথমিক লক্ষণ ৷ ইয়াৰোপৰি কাহ, ভাইৰেল জ্বৰ, প্ৰস্ৰাৱ আদিৰ ইনফেকচন হলেও ডায়েবেটিছ হ'ব পাৰে ৷

ডায়েবেটিছ ৰোগী এগৰাকীয়ে কি খাদ্য গ্ৰহণ কৰিব ?

যি বিলাকত খাদ্যত কাৰ্বহাইড্রেট বেছি থাকে সেইবোৰ খাদ্য কম পৰিমাণে খাব লাগে ৷ আনহাতে কম ফাইভাৰ যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ ৰুটি, ভাত, মিঠাই আদিত কাৰ্বহাইড্রেটৰ পৰিমাণ বেছি থাকে ৷ সেয়ে এই সমূহ খাদ্য কম পৰিমাণে গ্ৰহণ কৰিব লাগে ৷ মুঠৰ ওপৰত কম আৰু নিয়মিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰিব পাৰে ৷

শিশুসকলৰ ডায়েবেটিছৰ লক্ষণ কি ?

বয়স্ক লোকতকৈ শিশুসকলৰ ডায়েবেটিছ অকণমান বেলেগ ধৰণৰ ৷ শিশুসকলৰ ডায়েবেটিছক টাইপ ওৱান ডায়েবেটিছ বুলি কোৱা হয় ৷ দুবছৰীয়া শিশুৰ দেহটো ডায়েবেটিছ হোৱা দেখা যায় ৷ শিশুসকলৰ ক্ষেত্ৰত ইনচুলিনৰ অভাৱ হলে ডায়েবেটিছ হোৱা দেখা যায় ৷ শিশুসকলৰ ডায়েবেটিছ ধৰা পৰাৰ প্ৰথম দিনাৰ পৰাই তেওঁলোকে ইনচুলিন ব্যৱহাৰ কৰিব লাগে ৷

লগতে পঢ়ক: Children's Day 2023: শিশু দিৱসৰ দিনা শিশুৰ বাবে তৈয়াৰ কৰক এই স্বাস্থ্যকৰ তথা সোৱাদযুক্ত খাদ্য; ৰেচিপি জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.