ETV Bharat / sukhibhava

Diabetes: ডায়েবেটিছ ৰোগ হ’লে আগতীয়াকৈ দেখা দিয়ে এই লক্ষণ; চিকিৎসকৰ পৰা প্ৰতিৰোধৰ উপায় জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 5:27 PM IST

ডায়েবেটিছ আজিৰ সময়ত অতি সাধাৰণ ৰোগলৈ পৰিণত হৈছে, বৰ্তমান সময়ত ঘৰে ঘৰে এজন হ’লেও ডায়েবেটিছ ৰোগী পোৱা যাব । জীৱনশৈলীৰ অৱনতি আৰু ভুল খাদ্যাভ্যাস ডায়েবেটিছৰ আটাইতকৈ ডাঙৰ কাৰণ । সেয়ে ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানি লওক ।

These symptoms start appearing in the body before diabetes, know the prevention methods from the doctor
ডায়েবেটিছ ৰোগ হ’লে আগতীয়াকৈ দেখা দিয়ে এই লক্ষণ; চিকিৎসকৰ পৰা প্ৰতিৰোধৰ উপায় জানি লওক

ডায়েবেটিছৰ আঁৰত বহু কাৰণ আছে যদিও আজিৰ সময়ত ডায়েবেটিছৰ মূল কাৰণ হৈছে শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ ৷ ইয়াৰ বাহিৰেও ঘৰতে ৰন্ধা খাদ্য কমকৈ খোৱা, সুৰা সেৱন আৰু জাংক ফুডৰ অত্যধিক সেৱনে ইয়াৰ সম্ভাৱনা অধিক বৃদ্ধি কৰিছে৷

চিকিৎসকে বুজাইছে যে, যদি আমি ডায়েবেটিছ প্ৰতিৰোধ কৰিব বিচাৰো তেন্তে প্ৰথমে আমি আমাৰ জীৱনশৈলী সলনি কৰিব লাগিব, ভাল খাদ্য গ্ৰহণ কৰিব লাগিব, ব্যায়াম আৰু যোগাসনক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গঢ়ি তুলিব লাগিব ৷ ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি আৰু ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

যদি আপোনাৰ ওজন বেছি, আৰু আপোনাৰ পৰিয়ালৰ কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন কাৰণ অতিৰিক্ত ওজন আৰু ভুল খাদ্যাভ্যাসে আপোনাক এই ৰোগৰ দিশে লৈ যায় ৷ সেয়েহে ওজন কম কৰি ৰাখিবলৈ চেষ্টা কৰক, ভাল খাদ্য গ্ৰহণ কৰক, অধিক পানী খাওক আৰু ৰাতিপুৱা আৰু গধূলি ফুৰিবলৈ যাওক ৷

প্ৰি-ডায়েবেটিছৰ লক্ষণ ?

চিকিৎসকে কয় যে, প্ৰি-ডায়েবেটিছৰ লক্ষণসমূহ অতি সাধাৰণ যিবোৰ যিকোনো ৰোগীৰ ক্ষেত্ৰত অতি পলমকৈ ধৰা পৰে ৷ কিন্তু যেতিয়ালৈকে তেওঁলোকে এই বিষয়ে জানিব পাৰে তেতিয়ালৈকে বহু পলম হৈ যায় আৰু তেওঁলোকে টাইপ ২ ডায়েবেটিছত ভুগিবলৈ আৰম্ভ কৰে ৷ যদি আমি ডায়েবেটিছৰ পূৰ্বৰ লক্ষণৰ কথা ক’বলৈ যাও তেন্তে ইয়াৰ ভিতৰত ভোক বৃদ্ধি বা কমি যোৱা, ভাগৰ আৰু অত্যধিক পিয়াঁহ আদি অন্তৰ্ভুক্ত ৷

পুৰুষৰ হৰম’নৰ ওপৰত ডায়েবেটিছৰ প্ৰভাৱ

চিকিৎসকে কয় যে, পুৰুষেই হওক বা মহিলাই হওক ডায়েবেটিছে তেওঁলোকৰ হৰম’নৰ মাত্ৰাত প্ৰভাৱ পেলায় ৷ পুৰুষৰ ডায়েবেটিছ হ’লে তেওঁলোকৰ টেষ্টষ্টেৰনৰ মাত্ৰা কমি যায় ৷ মহিলাৰ ক্ষেত্ৰতো হৰম’নৰ মাত্ৰা হ্ৰাস পায় ৷

ডায়েবেটিছৰ ৰোগীয়ে কোনবোৰ ফল খাব লাগে ?

ডায়েবেটিছ ৰোগীয়ে সকলো ফল খাব পাৰে বুলি চিকিৎসকে উল্লেখ কৰে, কিন্তু ডায়েবেটিছ ৰোগীয়ে অধিক আঁহযুক্ত ফল সেৱন কৰিব লাগে ৷ কমলা, কিৱি দৰে ঋতুভিত্তিক ফল ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী ৷

ডায়েবেটিছৰ ৰোগী কি কি কথা পৰিহাৰ কৰিব লাগে ?

চিকিৎসকে কয় যে, ডায়েবেটিছ ৰোগীয়ে সুৰাপান পৰিহাৰ কৰিব লাগে, ভজা খাদ্য, ভাত আৰু আলু অধিক পৰিমাণে খোৱাটো পৰিহাৰ কৰিব লাগে, লগতে আম, আনাৰস, চাপোটাৰ দৰে মিঠা ফল বেছিকৈ খাব নালাগে ৷

লগতে পঢ়ক: Lab-grown babies in Five Years: ২০২৮ চনৰ ভিতৰত সন্তান জন্ম দিবলৈ প্ৰয়োজন নহ’ব মাতৃৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.