ETV Bharat / sukhibhava

Symptom of long Covid: ক্ৰমান্বয়ে স্বাদ-ঘ্ৰাণ শক্তি হেৰুৱাইছে ক'ভিড ৰোগীয়ে: অধ্যয়ন

author img

By

Published : Dec 22, 2022, 5:35 PM IST

ক'ৰনা ভাইৰাছ ভাইৰাছৰ এটা পৰিয়ালৰ অন্তৰ্গত (Coronavirus news), যাৰ সংক্ৰমণে ঠাণ্ডাৰ পৰা আৰম্ভ কৰি উশাহ-নিশাহ লোৱাত কষ্টলৈকে সমস্যাৰ সৃষ্টি কৰিব পাৰে । WHOৰ তথ্য অনুসৰি জ্বৰ, কাহ, উশাহ লোৱাত কষ্ট পোৱাটো হৈছে ইয়াৰ প্ৰধান লক্ষণ ।

The main symptom of Long Covid is loss of smell
ক্ৰমান্বয়ে স্বাদ আৰু ঘ্ৰাণ শক্তি হেৰুৱাইছে ক'ভিড ৰোগীয়ে: অধ্যয়ন

ক'ৰনা ভাইৰাছৰ এটা পৰিয়ালৰ অন্তৰ্গত (Coronavirus news), যাৰ সংক্ৰমণে ঠাণ্ডাৰ পৰা আৰম্ভ কৰি উশাহ-নিশাহ লোৱাত কষ্টলৈকে সমস্যাৰ সৃষ্টি কৰিব পাৰে । WHOৰ তথ্য অনুসৰি জ্বৰ, কাহ, উশাহ লোৱাত কষ্ট পোৱাটো হৈছে ইয়াৰ প্ৰধান লক্ষণ ।

এতিয়া এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘ্ৰাণ শক্তি আৰু সোৱাদ লোৱাৰ ক্ষমতা ক্ৰমান্বয়ে (Loss of Taste and Smell) শেষ হৈ যাবলৈ ধৰিছে(Loss of smell primary cause in Long Covid) । এক তৃতীয়াংশ ৰোগীৰ গোন্ধ নোহোৱা হয় আৰু প্ৰায় পঞ্চমাংশ ৰোগীয়ে ৰুচিবোধ হেৰুৱাই পেলায় । ব্ৰিটেইনৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়া (ইউইএ)ৰ এক নতুন গৱেষণাৰ মতে, ৰোগীৰ গোন্ধ হেৰুৱাই পেলোৱাটো Covidৰ অন্যতম লক্ষণ ।

UEAৰ নৰ্ৱিচ মেডিকেল স্কুলৰ মুখ্য গৱেষক অধ্যাপক কাৰ্ল ফিলপটে কয় যে, গৱেষণা দলটোৱে দীৰ্ঘদিনীয়া Covidৰ প্ৰাদুৰ্ভাৱ আৰু বিশেষভাৱে কাণ, নাক আৰু ডিঙিৰ সৈতে জড়িত লক্ষণ যেনে ঘ্ৰাণ শক্তি আৰু পেৰ’ছমিয়া আদি পৰীক্ষা কৰা হৈছিল । দেখা গ’ল যে, মানুহৰ ঘ্ৰাণশক্তিৰ অৱনতি ঘটিছে আৰু তেওঁলোকৰ ৰুচিবোধো দিনক দিনে অৱনতি ঘটিছে(covid 19 symtompts) ।

লক্ষণসমূহ হ’ল ক্ৰমে, মূৰৰ বিষ, পেশীৰ বিষ, ভাগৰুৱা আৰু ৰুচি আৰু ঘ্ৰাণ শক্তি হেৰুওৱা । Brain fog আৰু স্মৃতিশক্তি হেৰুৱাই প্ৰাৰম্ভিক সংক্ৰমণৰ পিছতো পেৰ’ছমিয়া কেইবামাহো ধৰি থাকিব পাৰে ।

ফিলপটে লগতে কয় যে, "আমি ক’ভিডৰ দীৰ্ঘম্যাদী বিস্তাৰৰ বিষয়ে অধিক জানিব বিচাৰিছিলো, আৰু বিশেষকৈ কাণ, নাক আৰু ডিঙিৰ সৈতে জড়িত লক্ষণ যেনে গোন্ধ হেৰুৱা আৰু পেৰ’ছমিয়াৰ বিষয়ে অধিক জানিব বিচাৰিছিলো ।"

দলটোৱে ব্ৰিটেইনৰ ক’ৰোনা সংক্ৰমণৰ সমীক্ষাৰ ফলাফল চাই ২০২২ চনৰ মাৰ্চ মাহত ৩ লাখ ৬০ হাজাৰতকৈ অধিক লোকৰ তথ্য বিশ্লেষণ কৰে । মুঠ ১০,৪৩১ গৰাকী অংশগ্ৰহণকাৰীক Covid ধৰা পৰাত ২৩ টা বিষয়ভিত্তিক লক্ষণৰ উপস্থিতি আৰু তেওঁলোকৰ দৈনন্দিন কাম-কাজত এই অৱস্থাৰ প্ৰভাৱৰ বিষয়ে সোধা হৈছিল । দীৰ্ঘদিনীয়া স্ব-ৰিপৰ্ট কৰা Covid ৰোগীৰ প্ৰায় এক তৃতীয়াংশই ধাৰাবাহিকভাৱে গোন্ধ হেৰুৱাইছিল আৰু প্ৰায় পঞ্চমাংশই এতিয়াও সোৱাদ হেৰুৱাইছিল বুলি গৱেষকসকলে কয় ।

লগতে পঢ়ক: Covid 19 in Pregnancy: গৰ্ভাৱস্থাত ভুলতো আওকাণ নকৰিব এইবোৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.