ETV Bharat / sukhibhava

হৃদৰোগ অথবা হৃদক্ৰিয়াজনিত ৰোগত আক্ৰান্তৰ অধিকসংখ্যকেই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক

author img

By

Published : Mar 9, 2022, 3:32 PM IST

early death
হাৰ্ট এটেক আৰু কাৰ্ডিআক এৰেষ্ট

হৃদৰোগৰ সমান্তৰালকৈ আকস্মিক কাৰ্ডিআক এৰেষ্টত আক্ৰান্ত হোৱা লোকসকলৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ অধিক হোৱা পৰিলক্ষিত হয় ৷ তেনে লোকসকলৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে (heart attack cardiac arrest lead to death) ৷ আক্ৰান্ত হোৱাৰ পৰা ছবছৰৰ ভিতৰৰ সময়চোৱাত মৃত্যু হোৱাৰ আশংকা বেছি থাকে ৷ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠাৰ ছবৰৰ ভিতৰৰ এই সময়চোৱাত সাধাৰণতে ৰোগীয়ে মৃত্যুক আকোৱালি লোৱা দেখা যায় ৷ আমেৰিকান হাৰ্ট এছ’চিয়েছনৰ এখন জাৰ্নেলত প্ৰকাশ পোৱা এটা অধ্যয়নত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য ৷

হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ বন্ধ হৈ পৰিলেই মানুহজন হৃদৰোগত আক্ৰান্ত হয় (hearth attack cause) ৷ একেধৰণে অকস্মাতে হৃদক্ৰিয়া বিকল হৈ হৃস্পন্দন বন্ধ হৈ পৰিলে ইয়াক কাৰ্ডিআক এৰেষ্ট হোৱা বুলি কোৱা হয় (cardiac arrest cause) । কাৰ্ডিআক এৰেষ্ট অৰ্থাৎ হৃদক্ৰিয়া বিকল হৈ পৰিলে, তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা নকৰিলে ই মাৰাত্মক হ'ব পাৰে । অৱশ্যে বেছিভাগ হৃদৰোগ হৃদযন্ত্ৰ বিকলৰ কাৰণ নহয় । কিন্তু হঠাতে হোৱা কাৰ্ডিআক এৰেষ্টৰ ঘটনাত হাৰ্ট এটেক অহাটো সাধাৰণ কথা ।

ইম্পেৰিয়েল কলেজ হেল্থকেয়াৰ এন.এইচ.এছ. ট্ৰাষ্ট আৰু ইম্পেৰিয়েল কলেজ লণ্ডনৰ নেতৃত্বত নেশ্যনেল ইনষ্টিটিউট অৱ হেল্থ ৰিচাৰ্ছ হেল্থ ইনফৰ্মেটিক্স ক'লাবৰেটিভ (এন.আই.এইচ.আৰ-এইচ.আই.চি)ৰ গৱেষকসকলে এই লৈ চলাইছিল অধ্যয়ন ৷ অধ্যয়নটো আছিল 2010 আৰু 2017 চনৰ সময়চোৱাত সংগ্ৰহ কৰা 13,444 গৰাকী ৰোগীৰ তথ্যৰ ওপৰত আধাৰিত । ৰাষ্ট্ৰীয় স্বাস্থ্য গৱেষণা প্ৰতিষ্ঠান (এন.আই.এইচ.আৰ) ইম্পেৰিয়েল বায়’মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ (বি.আৰ.চি) এ এই অধ্যয়নৰ বাবে যোগান ধৰিছিল পুঁজি ।

অধ্যয়নটোৱে প্ৰথমবাৰৰ বাবে প্ৰমাণ কৰিছিল যে, যিসকল ৰোগীৰ হৃদৰোগৰ পিছত হঠাতে যেতিয়া হৃদযন্ত্ৰৰ ক্ৰিয়া বিকল হৈ পৰে. ভৱিষ্যতে এইসকলৰ বাবে অধিক জটিলতা বৃদ্ধি হয় (cardiac arrest heart attack lead to future health complications)। কেৱল হাৰ্ট এটেকত আক্ৰান্ত হৈ থকা সকলৰ তুলনাত হাৰ্ট এটেকৰ সময়ত কাৰ্ডিআক এৰেষ্ট হোৱা সকলৰ ক্ষেত্ৰত ভেণ্ট্ৰিকুলাৰ এৰিথমিয়া (VA) নামৰ এক অস্বাভাৱিক ধৰণৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা দুগুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল । ই হৈছে হৃদযন্ত্ৰৰ অস্বাভাৱিক হৃদস্পন্দন ৷ চিকিৎসালয়ৰ পৰা উলাই অহাৰ পিছত কাৰ্ডিআক এৰেষ্টত আক্ৰান্ত হোৱা লোকসকলৰ গড় মৃত্যুৰ হাৰ তিনি বছৰৰ ভিতৰত ৩৬ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল (people with cardiac arrest die early) ।

এই প্ৰসংগত গৱেষকসকলে দিয়া পৰামৰ্শত উল্লেখ কৰা মতে, ৰোগীসকলে অতিৰিক্ত চিকিৎসা যেনে, ইমপ্লাণ্টেবল কাৰ্ডিঅভাৰ্টাৰ-ডেফিব্ৰিলেটৰ (আই.চি.ডি) নামৰ এক সৰু যন্ত্ৰাংশ যি হৃদযন্ত্ৰৰ অস্বাভাৱিক হৃদস্পন্দন থকা লোকসকলৰ চিকিৎসা কৰে, তাক ব্যৱহাৰ কৰি সেই সকলক স্বাস্থ্যবান কৰাৰ লগতে দীৰ্ঘায়ু হোৱাত সহায় কৰেনে নকৰে তাৰ এক পৰীক্ষা কৰি চাব পাৰে । যিহেতু কোনো কোনো ক্ষেত্ৰত হৃদৰোগৰ ফলত ভেণ্ট্ৰিকুলাৰ এৰিথমিয়া (VA) নামৰ এক ৰোগ হোৱা দেখা যায় ৷ ই এক প্ৰকাৰৰ অস্বাভাৱিক হৃদস্পন্দনক সূচায় য'ত হৃদযন্ত্ৰই মাংসপেশীসমূহ সংকোচিত হোৱাৰ পূৰ্বতে দ্ৰুতগতিত স্পন্দন কৰা আৰম্ভ কৰে আৰু বুকুৰ ধপধপনি সম্পূৰ্ণৰূপে বন্ধ কৰি পেলাই- যাৰ ফলত এজন লোকৰ আকস্মিক কাৰ্ডিআক এৰেষ্ট হয় ৷

অধ্যয়নটোৰ লহগত জড়িত জ্যেষ্ঠ লেখক আৰু ইম্পেৰিয়েল কলেজ লণ্ডনৰ কাৰ্ডিআক ইলেক্ট্ৰফিজিঅ'লজীৰ জ্যেষ্ঠ ক্লিনিকেল প্ৰবক্তা ডাঃ ফু চেয়ং এনজিয়ে উল্লেখ কৰা অনুসৰি, "হৃদৰোগত আক্ৰান্ত অধিকসংখ্যক ৰোগীয়ে হৃদযন্ত্ৰ বিকল হোৱাৰ কথাটো অনুভৱ নকৰে । অৱশ্যে, আমাৰ অধ্যয়নটোৱে প্ৰমাণ কৰিছিল যে, এনে ৰোগীয়ো আছে যি এই দুইটাই সমানে অনুভৱ কৰিব পাৰে ৷ যদিওবা তেওঁলোকে প্ৰথম পৰ্যায়ৰ কাৰ্ডিআক এৰেষ্টৰ সন্মুখীন হৈছে, তেতিয়াও কিন্তু পিছলৈ তেওঁলোকৰ শাৰীৰিক জটিলতা বৃদ্ধি হোৱাৰ লগতে কম সময়তে মৃত্যু হোৱাৰ আশংকা আহিব পৰে । এই বিশেষ অধ্যয়নটোৱে লগতে এইটোও আলোকপাত কৰিছে যে, আমি এনে ৰোগীৰ সৈতে কেনে ব্যৱহাৰ কৰোঁ সেয়া মন কৰিব লগীয়া আৰু সমান্তৰালভাৱে স্বাস্থ্য সম্পৰ্কীয় আমাৰ বৰ্তমানৰ নিৰ্দেশনাবোৰ আপডেট কৰাৰো প্ৰয়োজনীয়তা আহি পৰিছে ।

অধ্যয়নটোৰ প্ৰথমগৰাকী লেখক আৰু ইম্পেৰিয়েল কলেজ লণ্ডনৰ ক্লিনিকেল ৰিচাৰ্ছ ফেল’ অৰুণাশীষ চাৱে উল্লেখ কৰা অনুসৰি, "এইটো প্ৰথম অধ্যয়ন যি হৃদৰোগ আৰু হৃদক্ৰিয়া বিকল হৈ পৰা ৰোগীসকলৰ মাজত এক সম্পৰ্ক বিচাৰি পাইছে ৷ এই অধ্যয়নে এইটোও প্ৰমাণ কৰি দেখুৱাইছে যে প্ৰথম পৰ্যায়ৰ কাৰ্ডিআক এৰেষ্টৰ পিছত ৰোগীৰ মৃত্যুৰ আশংকা বৃদ্ধি হয়" ৷

লগতে পঢ়ক: Anxiety and Panic Attack: বৰ্তমানে মানুহৰ মাজত বৃদ্ধি পাইছে এন্জাইটি আৰু পেনিক এটেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.