ETV Bharat / sukhibhava

5 Medical Tests Every Smoker Needs: ধূমপান কৰা লোকে কৰিব লাগে এই ৫ টা স্বাস্থ্য পৰীক্ষা; হাত সাৰিব পাৰিব এই ডাঙৰ ৰোগৰ পৰা

author img

By

Published : Jul 30, 2023, 4:52 PM IST

ধঁপাত মানৱ জীৱনৰ বাবে কিমান ক্ষতিকাৰক সেয়া জানিও ধূমপান কৰে একাংশই ৷ কিন্তু ধূমপানে আমাৰ শৰীৰৰ প্ৰায় সকলো অংগই প্ৰভাৱিত কৰে ৷ সেয়াহে, ধূমপান কৰা লোকে কৰিব লাগে এইকেইটা স্বাস্থ্য পৰীক্ষা ৷ কি সেই পাঁচটা স্বাস্থ্য পৰীক্ষা জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Smokers must do these 5 tests, major diseases can be prevented
ধূমপান কৰা লোকে কৰিব লাগে এইকেইটা স্বাস্থ্য পৰীক্ষা

ধূমপান স্বাস্থ্যৰ বাবে অত্যন্ত বিপজ্জনক । ধূমপান কৰা লোকৰ হাওঁফাওঁৰ ৰোগ, হৃদৰোগ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক । উল্লেখনীয় যে যোৱা ৫ দশকৰো অধিক সময়ছোৱাত স্বাস্থ্য বিশেষজ্ঞসকলে হাওঁফাওঁৰ কৰ্কট ৰোগক ধূমপানৰ সৈতে সংযোগ কৰি গৱেষণা চলাইছে ৷ ধঁপাত কেনেকৈ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে সেই সম্পৰ্কে এতিয়াও গৱেষণা চলি আছে ।

ধঁপাতত কেৱল নিকোটিনে নাথাকে, ইয়াৰ বাহিৰেও এনেধৰণৰ ৫০০০ ৰাসায়নিক পদাৰ্থ থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে আমাৰ শৰীৰৰ প্ৰায় সকলো অংগ ধঁপাতৰ দ্বাৰা প্ৰভাৱিত হয় । গতিকে ধূমপান কৰা লোকসকলে এই ৫টা স্বাস্থ্য পৰীক্ষা নিশ্চয় কৰিব লাগিব । জানো আহক কি কি সেইকেইটা -

বুকুৰ এক্স ৰে

এই পৰীক্ষা প্ৰতিজন ধূমপায়ীৰ বাবে প্ৰয়োজনীয় । বুকুৰ এক্স-ৰে আপোনাৰ হাওঁফাওঁৰ এতিয়ালৈকে হোৱা ক্ষতি জুখিবলৈ সহায় কৰে । ইয়াৰ উপৰিও বুকুৰ এক্স-ৰেত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বিষয়েও জানিব পৰা যায়।

চিটি স্কেন

ধূমপানৰ ফলত হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা জুখিবলৈ চিটি স্কেন কৰা হয় । যিসকল লোকে অতিমাত্ৰা ধূমপান কৰে তেওঁলোকে নিশ্চিতভাৱে চিটি স্কেন কৰাব লাগে । সময় থাকোতে হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিষয়ে জানিলে জীৱন ৰক্ষা কৰাত সহায়ক হয় ৷ হাওঁফাওঁৰ কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত থকা লোকসকলৰ জীয়াই থকাৰ সম্ভাৱনা ৬০ৰ পৰা ৭০ শতাংশ।

ইচিজি

ধূমপান কৰা লোকৰ বাবে ইচিজি অৰ্থাৎ ইলেক্ট্ৰ’কাৰ্ডিঅ’গ্ৰাম পৰীক্ষাও অতি গুৰুত্বপূৰ্ণ । ধঁপাতত থকা কাৰ্বন মনোক্সাইডৰ দৰে পদাৰ্থই আৰ বি চি (ৰক্তকণিকা)ত থকা হিম’গ্লবিনৰ সৈতে বান্ধ খায়, যাৰ ফলত আপোনাৰ হৃদযন্ত্ৰত তেজ প্ৰৱেশ কৰিব নোৱাৰে । ইচিজিৰ দ্বাৰা হৃদযন্ত্ৰৰ সমস্যা ধৰা পেলাব পাৰি।

ডায়েবেটিছ স্ক্ৰীনিং

ধূমপানে আপোনাৰ শৰীৰক ইনচুলিনৰ প্ৰতি অধিক প্ৰতিৰোধী কৰি তোলে, যাৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়। সাধাৰণতে ধূমপায়ীসকলৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি যাৰ ফলত হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগ হ’ব পাৰে। সেয়াহে, ডায়েবেটিছ স্ক্ৰীনিং টেষ্টৰো প্ৰয়োজন।

ভিটামিন ডি

যদি আপোনাৰ বয়স ৪০ বছৰতকৈ অধিক আৰু আপুনি ধূমপান কৰে, তেন্তে আপুনি এই পৰীক্ষাটো আপোনাৰ বাবে প্ৰয়োজনীয় । অধিক ধূমপায়ীসকলৰ তেজত সাধাৰণতে ভিটামিন ডি কম থাকে।

লগতে পঢ়ক: Benefits of Tomato peels: স্বাস্থ্যৰ পক্ষে খুবেই উপযোগী বিলাহীৰ বাকলি, ভুলতো নকৰিব অপচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.