ETV Bharat / sukhibhava

Remedies For Weak Planets: নৱগ্ৰহক শান্ত তথা মজবুত কৰি ৰখাৰ ঘৰুৱা বিধি

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:02 PM IST

নৱগ্ৰহ শান্ত তথা মজবুত কৰি ৰখাৰ বাবে বহুতে পূজা-পাতল বা দান দক্ষিণা কৰা দেখা যায় ৷ কিন্তু সকলো মানুহৰ বাবে এই পূজা-পাতল বা দান দক্ষিণা সম্ভৱ নহয় ৷ নৱগ্ৰহ কি কি আৰু নৱগ্ৰহসমূহক শান্ত কৰাৰ উপায় সন্দৰ্ভত জনালে জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই ৷

Remedies For Weak Planets
নৱগ্ৰহক শান্ত তথা মজবুত কৰি ৰখাৰ ঘৰুৱা বিধি

নৱগ্ৰহক শান্ত তথা মজবুত কৰি ৰখাৰ ঘৰুৱা বিধি

নৱগ্ৰহৰ ভিতৰত প্ৰথম ৰবি গ্ৰহ বা সূৰ্য গ্ৰহ ৷ সূৰ্যগ্ৰহ যদি আপোনাৰ জীৱনত বেয়া হৈ থাকে তেন্তে আপোনাৰ মান সন্মানত আঘাত লাগিব পাৰে বা আপুনি কৰ্মৰ স্বীকৃতি নাপাব পাৰে ৷ তেনে ক্ষেত্ৰত সদায় সূৰ্য প্ৰণাম কৰা উচিত আৰু সূৰ্যক অৰ্ঘ দান কৰা উচিত ৷ সূৰ্য অৰ্ঘ ৰাতিপুৱা ৮ বজাৰ পূর্বে কৰিব পাৰিলে ভাল ৷

চন্দ্ৰগ্ৰহ অশুভ হ’লে মানুহজন খুব বেছি ভাবুক, আবেগিক হোৱা দেখা যায়, সোনকালে সিদ্ধান্ত গ্ৰহণ কৰা যাৰ ফলত জীৱনত খুব বেছি অসুবিধা আহিব পাৰে ৷ চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰি ৰাখিবলৈ প্ৰথমতে মাতৃক সন্তুষ্ট কৰি ৰখাটো প্ৰয়োজনীয় ৷ দ্বিতীয়তে সোমবাৰে মহাদেৱৰ দৰ্শন কৰিব পাৰে ৷ তৃতীয়তে যি কোনো সুগন্ধি ঘৰত ৰাতিপুৱা ব্যৱহাৰ কৰিব পাৰে ৷

বুধ গ্ৰহক অশুভ হলে সাধাৰণতে আত্মবিশ্বাস কমা, স্মৃতি শক্তি লোপ পোৱা দেখা যায় ৷ সেয়ে বুধ গ্ৰহক সন্তুষ্ট কৰি ৰাখিবলৈ ৰাতিপুৱা আইনাৰ সন্মুখত গৈ নিজকে আত্মবিশ্বাস দিয়াব পৰা যিকোনো তিনিটা বাক্য কব পাৰে ৷ গছ ৰুলেও বুধ গ্ৰহৰ বেয়া প্ৰভাৱ আঁতৰি থাকে ৷

বৃহস্পতি গ্ৰহৰ অশুভ প্ৰভাৱৰ ফলত অহংকাৰ বেছি হ'ব পাৰে, পঢ়া-শুনা, বিবাহ আদিত বাধা হ'ব পাৰে, আর্থিকৰ পৰা আৰম্ভ কৰি পাৰিবাৰিকলৈকে বিভিন্ন ধৰণৰ অশুভ হ'ব পাৰে ৷ বৃহস্পতি গ্ৰহক সন্তুষ্ট কৰিবলৈ গৰুক কল খুৱাব লাগে ৷ গুৰু, মাতৃ-পিতৃক সন্মান কৰিব লাগে ৷ এনে কৰিলে বহুক্ষেত্ৰত বৃহস্পতি গ্ৰহৰ অশুভ নাইকিয়া হয় ৷

শুক্ৰ গ্ৰহক সন্তুষ্ট কৰি ৰাখিবলৈ ঘৰত প্ৰতিগৰাকী মহিলাক সন্মান কৰাটো প্ৰয়োজন ৷ ইয়াৰোপৰি মা লক্ষ্মীক পূজা কৰাটো উচিত ৷ ঘৰত থকা যান-বাহন চাফ-চিকুণকৈ ৰখাটো প্ৰয়োজনীয় ৷

শনিগ্ৰহৰ অশুভৰ ফলত খুব বেছি কৰ্মত জটিলতা বৃদ্ধি পায় ৷ সেয়ে শনিবাৰে দুখীয়া মানুহক দান-দক্ষিনা প্ৰদান কৰিলে অশুভ নাশ হয় ৷

ৰাহু-কেতুৰ অশুভৰ ফলত উত্থান-পতান বহুত হোৱা দেখা যায় ৷ সেয়ে ৰাহু গ্ৰহক সন্তুষ্ট কৰি ৰাখিবলৈ নিজৰ লগতে পৰিবেশ চাফ-চিকুণকৈ ৰাখিব লাগে ৷ কেতুৰ ক্ষেত্ৰত জীৱন আধৰুৱাকৈ যিবোৰ কাম এৰি দিয়া গৈছে সেইবোৰ সম্পূৰ্ণ কৰি আহক ৷ এনেকুৱা কৰিলে ৰাহু- কেতুৰ প্ৰভাৱ জীৱনৰ পৰা আঁতৰে ৷

লগতে পঢ়ক: Lemon Water: দিনৰ আৰম্ভণিতে আমি কিয় নেমু চৰবত খাব লাগে ? ৫টা ডাঙৰ কাৰণ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.