ETV Bharat / sukhibhava

প্ৰদূষণৰ পৰা আপোনাৰ চকুজুৰিক কেনেদৰে কৰিব ৰক্ষা

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:35 PM IST

প্ৰদূষণৰ ফলত উশাহ-নিশাহৰ সমস্যা, ডিঙিৰ বিষ, হাঁওফাঁও সম্পৰ্কীয় ৰোগৰ লগতে চকুৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ এই ঋতুত চকুৰ খজুৱতি, জ্বলা-পোৰা আৰু চকুৰ ৰঙা পৰাৰ দৰে সমস্যাই অধিকাংশ লোককে জ্বলা-কলা খুৱাইছে ৷ এই ক্ষেত্ৰত আপুনি কিছুমান উপায় অৱলম্বন কৰি চকুৰ সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

Protect your eyes from pollution by following these measures
প্ৰদূষণৰ পৰা আপোনাৰ চকুজুৰিক কেনেদৰে কৰিব ৰক্ষা

দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ এই বৰ্ধিত প্ৰদূষণৰ ফলত আমাৰ স্বাস্থ্য সমস্যাও বৃদ্ধি হৈছে ৷ প্ৰদূষণৰ ফলত উশাহ-নিশাহৰ সমস্যা, ডিঙিৰ বিষ, হাঁওফাঁও সম্পৰ্কীয় ৰোগৰ লগতে চকুৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ এই ঋতুত চকুৰ খজুৱতি, জ্বলা-পোৰা আৰু চকুৰ ৰঙা পৰাৰ দৰে সমস্যাই অধিকাংশ লোককে জ্বলা-কলা খুৱাইছে ৷ এই ক্ষেত্ৰত আপুনি কিছুমান উপায় অৱলম্বন কৰি চকুৰ সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

পৰিস্কাৰ পানীৰে চাফা কৰিব

ছানগ্লাছ ব্যৱহাৰ কৰাৰ পিছতো বহুসময়ত চকুত ধূলি জমা হয় ৷ ইয়াৰ ফলত চকুত জ্বলা-পোৰা আৰু খজুৱতি আৰম্ভ হয় ৷ সেয়েহে এই সমস্যা পৰিহাৰ কৰিবলৈ পৰিস্কাৰ পানীৰে দৈনিক চকু চাফা কৰিব লাগে ৷ ই লেতেৰা আঁতৰ কৰি চকুক সম্পূৰ্ণৰূপে সুৰক্ষা প্ৰদান কৰিব ৷

ধূলিৰ পৰা সুৰক্ষিত কৰিব

ধূলি আৰু মাটিও চকুত জ্বলা-পোৰাৰ সমস্যা হোৱাৰ মুখ্য কাৰণ ৷ এনে পৰিস্থিতিত এইসমূহৰ পৰা নিজকে সুৰক্ষিত ৰাখিব ৷ ধূলিৰ ফলত চকুত সংক্ৰমণৰ আশংকা বৃদ্ধি হয় ৷ যাৰ ফলত চকুত জ্বলা-পোৰা, চকুপানী ওলোৱাৰ লগতে আন বহু সমস্যা হয় ৷ সেয়েহে ধূলি আৰু মাটিৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ ছানগ্লাছ পিন্ধিব ৷

চকুৰ ড্ৰপ ব্যৱহাৰ কৰিব

প্ৰদূষণৰ ফলত চকু দুটা শুকাবলৈ আৰম্ভ কৰে ৷ যাৰ ফলত চকুত বহু সমস্যাই দেখা দিয়ে ৷ সেয়েহে, চকুত নিয়মীয়াকৈ 'আই ড্ৰপ' দিয়াটো খুবেই জৰুৰী ৷ ই চকুৰ আৰ্দ্ৰতা বজাই ৰাখিব ৷

লেতেৰা হাতেৰে চকু স্পৰ্শ নকৰিব

চকু দুটা লেতেৰা হাতেৰে একেবাৰে স্পৰ্শ নকৰিব ৷ ই সংক্ৰমণৰ আশংকা বৃদ্ধি কৰে ৷ চাবোনেৰে হাত ভালদৰে পৰিস্কাৰ কৰাৰ পাছতহে চকু স্পৰ্শ কৰিব ৷

চকু অত্যধিক ঘঁহিব নালাগে

চকু ঘঁহি থাকিলে শুষ্কতা আৰু ৰঙা পৰাৰ আশংকা থাকে, সেয়েহে চকু ঘঁহিব নালাগে ৷ যদি চকুৰ সমস্যা দিনক দিনে বৃদ্ধি হৈ গৈ থাকে, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব ৷ সময়মতে চিকিৎসা নোপোৱাৰ বাবে চকুৰ সমস্যা বাঢ়িব পাৰে, সেয়েহে চকুৰ কোনো সমস্যায়ে উপেক্ষা নকৰিব ৷

যদি চকুৰ সমস্যা দিনক দিনে বৃদ্ধি হৈ গৈ থাকে, লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব ৷ সময়মতে চিকিৎসা নোপোৱাৰ বাবে চকুৰ সমস্যা বাঢ়িব পাৰে, সেয়েহে চকুৰ কোনো সমস্যায়ে উপেক্ষা নকৰিব ৷

লগতে পঢ়ক: প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক কমলাৰ ৰস আৰু লাভ কৰক এই উপকাৰিতা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.