ETV Bharat / sukhibhava

Perfume Day 2023: আপুনিও পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি ? তেন্তে আজিয়েই বন্ধ কৰক

author img

By

Published : Feb 17, 2023, 1:30 PM IST

প্ৰতি বছৰে ১৭ ফেব্ৰুৱাৰীত পাৰ্ফিউম ডে' পালন কৰা হয় । এই দিনটোত প্ৰেমিক-প্ৰেমিকা, বন্ধু-বান্ধৱীক তথা আপোনজনক পাৰ্ফিউম আগবঢ়াই পাৰ্ফিউম ডে’ পালন কৰে । কিন্তু আপুনি জানেনে যে সুগন্ধি প্ৰয়োগ কৰাৰ বহু অসুবিধা আছে । জানো আহক পাৰ্ফিউম ব্যৱহাৰৰ ফলত হ'ব পৰা কিছুমান স্বাস্থ্যজনিত সমস্যা...

Perfume Day 2023 Do you also use perfume then know these disadvantages
আপুনিও পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি ? তেন্তে আজিয়েই বন্ধ কৰক

ফেব্ৰুৱাৰী মাহ প্ৰেমৰ মাহ । প্ৰতি বছৰে এই মাহত ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ভেলেণ্টাইন উইক পালন কৰা হয় । ইয়াৰ পিছত ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় এণ্টি ভেলেণ্টাইন উইক । ১৭ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় পাৰ্ফিউম ডে' । এই বিশেষ দিনটোত বিভিন্ন ঠাইত নিজৰ প্ৰিয়জন, বন্ধু-বান্ধবীক পাৰ্ফিউম আগবঢ়াই ‘পাৰ্ফিউম ডে’ উদযাপন কৰে(Is applying perfume Daily harmful?)।

সুগন্ধি এনে এক অনুভৱ, যিটো আমি আজীৱন মনত ৰাখোঁ(what is the harmful effects of perfume?)। আজিকালি বজাৰত বিভিন্ন ধৰণৰ পাৰ্ফিউম পোৱা যায় । কিছুমানে লাইট পাৰ্ফিউম ভাল পায়, আনহাতে, কিছুমানে হাৰ্ড পাৰ্ফিউম ভাল পায় । পাৰ্ফিউমত বহুতো ৰাসায়নিক পদাৰ্থ পোৱা যায়, যাৰ ফলত বহু ক্ষতি হ’ব পাৰে(perfume disadvantages)। কেনেকৈ জানক-

অশান্তি অনুভৱ কৰা

সুগন্ধিৰ হাৰ্ড পাৰ্ফিউম বহুতৰে বাবে খাপ নাখায় । এনে পৰিস্থিতিত তেওঁলোকে অশান্তি বা অস্থিৰতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে । এই সমস্যা হতাশাত ভুগি থকা লোকৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে । গতিকে ইয়াৰ সুগন্ধি অনুসৰি সুগন্ধিটো বাছি লওক।

Perfume Day 2023 Do you also use perfume then know these disadvantages
আপুনিও পাৰ্ফিউম ব্যৱহাৰ কৰে নেকি ? তেন্তে আজিয়েই বন্ধ কৰক

ছালৰ বাবে ক্ষতিকাৰক

প্ৰায়ে মানুহে ঘামৰ বাবে ওলোৱা গোন্ধৰ বাবে পাৰ্ফিউম ব্যৱহাৰ কৰে । পাৰ্ফিউমত থকা ৰাসায়নিক পদাৰ্থ ছালৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ ফলত ফোহা বা এলাৰ্জী হ’ব পাৰে(How does perfume affect the brain?)।

গৰ্ভাৱস্থাত ক্ষতিকাৰক

গৱেষণাৰ মতে, গৰ্ভাৱস্থাত পাৰ্ফিউম ব্যৱহাৰ কৰাটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । দৰাচলতে ইয়াৰ ফলত গৰ্ভাৱস্থাত শিশুৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে ।

হৰম’ন সম্বন্ধীয় সমস্যা

সুগন্ধিত পোৱা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই হৰম’নৰ সমস্যা সৃষ্টি কৰিব পাৰে । যাৰ বাবে আপোনাৰ মেজাজত প্ৰভাৱ পৰিবলৈ ধৰে বা আপুনি আন সমস্যাৰ সন্মূখীন হ’ব পাৰে ।

লগতে পঢ়ক: Mahashivratri 2023: মহাশিৱৰাত্ৰিৰ ব্ৰতৰ সময়ত কি কি খাদ্য খোৱাটো উচিত জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.