ETV Bharat / sukhibhava

Dengue Cases in Assam: শিশুৰ দেহত এই লক্ষণ দেখিলে তৎক্ষণাত গ্ৰহণ কৰক চিকিৎসকৰ পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 6:12 PM IST

কেৱল প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতেই নহয়, শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী ৷ শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণবোৰ কি আৰু তেওঁলোকক ডেংগুৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে আজি জানো আহক-

Parents should take these precautions after knowing the symptoms of dengue
শিশুৰ দেহত এই লক্ষণ দেখিলে হৈ যাওক সাৱধান! হ’ব পাৰে এয়া ডেংগুৰ লক্ষণ

সমগ্ৰ দেশতে ডেংগুয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ কেৱল সেয়াই নহয় অসমতো ইয়াৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ শুভমান গিলো ডেংগুত আক্ৰান্ত হৈছিল ৷ কেৱল প্ৰাপ্তবয়স্কৰ লোকৰ ক্ষেত্ৰতেই নহয়, শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ এনে পৰিস্থিতিত অভিভাৱকসকলে অধিক সাৱধানতা অৱলম্বন কৰাটো খুবেই জৰুৰী ৷ শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণবোৰ কি আৰু তেওঁলোকক ডেংগুৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে আজি জানো আহক-

শিশুৰ ক্ষেত্ৰত ডেংগু কিমান বিপদজনক ?

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডেংগু হৈছে নে নাই জনাটো কঠিন হ’ব পাৰে, কাৰণ ডেংগুত আক্ৰান্ত বেছিভাগ মানুহৰে কোনো লক্ষণ দেখা নাযায় । ৷ অৱশ্যে, ডেংগুৰ লক্ষণবোৰ প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ ক্ষেত্ৰত অলপ বেলেগ হয় ৷ যদি শিশুৰ দেহত ডেংগুৰ লক্ষণ দেখা যায় তেন্তে শিশুৰ আন সাধাৰণ সংক্ৰমণৰ দৰেই দেখাব পাৰে । সেয়ে যদি শিশুৰ দেহতো যদি তলত উল্লেখিত এই লক্ষণসমূহ দেখা দিয়ে তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত

লক্ষণ

  • তীব্ৰ জ্বৰ
  • অত্যাধিক বমি
  • শৰীৰত দাগ
  • নাকৰ পৰা ৰক্তক্ষৰণ
  • পেশী আৰু গাঁঠিৰ বিষ
  • তীব্ৰ মূৰৰ বিষ
  • ওকট পাকট লগা
  • বমি হোৱা

ডেংগুৰ পৰা শিশুসকলক পিতৃ-মাতৃয়ে কিদৰে সুৰক্ষা দিব ?

  • শিশুক ডেংগুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আপুনি আপোনাৰ ঘৰৰ চাৰিওফালটো পৰিস্কাৰ কৰি ৰাখিব ৷ পানী জমা হ’ব পৰাকৈ ঘৰৰ বাহিৰত একো সা-সামগ্ৰী নাৰাখিব ৷
  • খোৱা পানীৰ পাত্ৰ আৰু পানীৰ টেংকীটো সঘনাই পৰিস্কাৰ কৰিব ৷
  • যদি আপুনি ঘৰত কুলাৰ ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ পানী দৈনিক সলনি কৰিব ৷
  • যদি শিশুটোৰ শৰীৰটোত ঠাণ্ডা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব ৷

লগতে পঢ়ক: Dog Bite: যদি কুকুৰে কামোৰে তেন্তে চিকিৎসাত পলম নকৰিব, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তৎক্ষণাত কৰক এই ১০টা কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.