ETV Bharat / sukhibhava

সুস্বাস্থ্যৰ বাবে প্ৰতিদিনে পুৱা তিয়াই খাওক এইসমূহ Dry fruits-Seeds

author img

By

Published : Oct 9, 2022, 10:21 PM IST

শিশুৰ বাঢ়ি অহা বয়সত সাধাৰণতে পুৱা খালী পেটত তিয়াই থোৱা আলমণ্ড খাবলৈ কয় । কাৰণ কোৱা হয় যে, তিয়াই থোৱা আলমণ্ড খালে তেওঁলোকৰ স্মৃতিশক্তি আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পায়(Dry fruits and seeds are also beneficial for health) । ইয়াত থকা পটাছিয়াম, ভিটামিন ই, আইৰণ, মেগনেছিয়াম, কেলচিয়াম, ফছফৰাছে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ৷

Not only soaked almonds many other dry fruits and seeds are also beneficial for health
প্ৰতিদিনে পুৱা এইসমূহ Dry fruits-Seeds পানীত তিয়াই খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী

তিয়াই থোৱা আলমণ্ড খালে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰিতা সাধন কৰে বুলি সকলোৱে জানে । কিন্তু কিয় এনেকুৱা হৈছে, এই বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয় । একে সময়তে অধিকাংশ লোকেই এই বিষয়েও অজ্ঞাত যে, কেৱল তিয়াই থোৱা আলমণ্ডেই নহয়, আন কিছুমান ড্ৰাই ফ্ৰুইটছ অথবা বীজো আছে, যিসমূহ কিছু সময় তিয়াই থৈ খোৱাৰ পিছত স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন কৰিব পাৰে । কিন্তু কোনবোৰ ড্ৰাই ফ্ৰুইটছ আৰু বীজ তিয়াই খালে স্বাস্থ্যৰ বাবে অধিক উপকাৰী হয়, এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ ইটিভি ভাৰত সুখীভৱই বিশেষজ্ঞৰ পৰা তথ্য গ্ৰহণ কৰিছিল ।

Not only soaked almonds many other dry fruits and seeds are also beneficial for health
প্ৰতিদিনে পুৱা এইসমূহ Dry fruits-Seeds পানীত তিয়াই খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী
  • কেৱল তিয়াই থোৱা আলমণ্ডেই নহয়, আন বহুতো ড্ৰাই ফ্ৰুইটছ আৰু বীজো স্বাস্থ্যৰ বাবে উপকাৰী-

শিশুৰ বাঢ়ি অহা বয়সত সাধাৰণতে ঘৰৰ বয়োজ্যেষ্ঠসকলে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা আলমণ্ড খাবলৈ কয় । কাৰণ কোৱা হয় যে, তিয়াই থোৱা আলমণ্ড খালে তেওঁলোকৰ স্মৃতিশক্তি আৰু শিক্ষণ ক্ষমতা বৃদ্ধি পায়(Dry fruits and seeds are also beneficial for health) । আলমণ্ডকো একেদৰেই স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় । ইয়াত থকা পটাছিয়াম, ভিটামিন ই, আইৰণ, মেগনেছিয়াম, কেলচিয়াম, ফছফৰাছে স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰীতা সাধন কৰে ৷

Not only soaked almonds many other dry fruits and seeds are also beneficial for health
প্ৰতিদিনে পুৱা এইসমূহ Dry fruits-Seeds পানীত তিয়াই খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী

কিন্তু সাধাৰণ আলমণ্ডতকৈ তিয়াই থোৱা আলমণ্ড অধিক উপকাৰী হোৱাৰ সঠিক কাৰণবোৰ অধিকাংশ লোকেই নাজানে । একে সময়তে বহুতে এইটোও নাজানে যে কেৱল আলমণ্ডেই নহয় আন কিছুমান প্ৰকাৰৰ ড্ৰাই ফ্ৰুইটছ আৰু বীজ আছে যিবোৰ তিয়াই খালে স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰিব পাৰে(What happens if we eat dry fruits daily) ।

মুম্বাইৰ পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ ৰুচেল জৰ্জে পৰামৰ্শ দিছে যে, কেৱল শিশুৰ বাবেই নহয় প্ৰাপ্তবয়স্কৰ বাবেও তিয়াই থোৱা আলমণ্ড আৰু আন কিছুমান ড্ৰাই ফ্ৰুইটছ আৰু বীজ ৰাতি তিয়াই পুৱাৰ প্ৰথম আহাৰ হিচাপে গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ।

  • কিয় উপকাৰী

পুষ্টিবিদ ৰুচেল জৰ্জে বুজাইছে যে, কোনবোৰ ড্ৰাই ফ্ৰুইটছ তিয়াই খোৱাটো উপকাৰী সেই বিষয়ে জনাৰ পূৰ্বে কোনবোৰ ড্ৰাই ফ্ৰুইটছ তিয়াই খালে ইয়াৰ উপকাৰীতা বৃদ্ধি পায় সেয়া জনাটোহে গুৰুত্বপূৰ্ণ(What are the benefits of dry fruits) । তেওঁ বুজাইছে যে, ড্ৰাই ফ্ৰুইটছত পুষ্টিকৰ উপাদান থাকে, কিন্তু আন কিছুমান ড্ৰাই ফ্ৰুইটছত বিশেষকৈ ইয়াৰ বাকলিত কিছুমান উপাদান থাকে যিবোৰে ইয়াৰ শোষণ বা হজম কাৰ্যত সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে পুষ্টি প্ৰতিৰোধক, বিষাক্ত পদাৰ্থ, এনজাইম প্ৰতিৰোধক, ফেটিক এচিড, টেনিন আৰু অক্সালেট আদি । যিয়ে ইহঁতৰ পুষ্টিকৰ উপাদান, আৰু বিশেষকৈ বি ভিটামিন শোষণ কৰাত বাধা দিয়ে(Improve immunity by showing anti-inflammatory effects) ।

Not only soaked almonds many other dry fruits and seeds are also beneficial for health
প্ৰতিদিনে পুৱা এইসমূহ Dry fruits-Seeds পানীত তিয়াই খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী

যেতিয়া এই ড্ৰাই ফ্ৰুইটছসমূহক কেইঘণ্টামান তিয়াই থোৱা হয় তেতিয়া ইহঁতৰ এনজাইম প্ৰতিৰোধক প্ৰভাৱ নিষ্ক্ৰিয় হৈ পৰে আৰু টেনিনৰ দৰে পুষ্টিকৰ উপাদান শোষণ কৰাত বাধা দিয়া পদাৰ্থবোৰ ভাঙি যায়(Dry fruits benefits) ৷ যাৰবাবে পুষ্টিকৰ উপাদানসমূহ শৰীৰত শোষিত হোৱাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন নহয় ।

আনহাতে কিছুমান শুকান ফলত কেইঘণ্টামান পানীত তিয়াই থোৱাৰ পিছত অংকুৰণ আৰম্ভ হয়, যাৰ ফলত ইহঁতৰ পুষ্টি যথেষ্ট বৃদ্ধি পায়।

এইদৰে শুকান ফল সেৱন কৰিলে শৰীৰত উপকাৰী এনজাইম উৎপন্ন হয়, গ্লুটেন ভাঙি হজম কৰাৰ প্ৰক্ৰিয়াটো ভাল হয় আৰু শৰীৰত ভিটামিন বিশেষকৈ ভিটামিন বি আৰু খনিজ পদাৰ্থৰ শোষণ ভাল হয়। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাই নহয়, স্বাস্থ্যই আন বহুতো দিশত লাভ কৰে(Dry fruits with their benefits) ।

  • কোনবোৰ ড্ৰাই ফ্ৰুইটছ আৰু বীজ উপকাৰী

ৰুচেল জৰ্জে কয় যে, সাধাৰণতে মানুহে তেওঁক সোধে যে, আলমণ্ডৰ বাহিৰে আন কি কি শুকান ফল আছে, যাক তিয়াই গ্ৰহণ কৰিলে শৰীৰে অধিক উপকাৰিতা লাভ কৰে । আলমণ্ডৰ বাহিৰেও তিয়াই থোৱা অঞ্জীৰ, আখৰোট, বাদাম, কলা কিচমিচ, পিষ্টা, কিচমিচ খোৱাটো উপকাৰী । কিন্তু এইবোৰৰ ভিতৰত কলা কিচমিচ আৰু কিচমিচ বহু সময় পানীত তিয়াই ৰাখিব নালাগে । এইবোৰৰ বাহিৰেও কিছুমান বিশেষ প্ৰকাৰৰ বীজ যেনে সূৰ্যমুখী বীজ, ৰঙালাওৰ বীজ, সবজা, অলচিৰ বীজ আৰু পপি বীজবোৰ ৰাতিটো পানীত তিয়াই ৰাতিপুৱা গ্ৰহণ কৰিলেও স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰ সাধন হয় ।

মন কৰিবলগীয়া যে, ড্ৰাই ফ্ৰুইটছ আৰু বীজত প্ৰ’টিন, ফাইবাৰ, ভিটামিন, মেগনেছিয়াম, কেলচিয়াম, ওমেগা ৩ আৰু ৬ৰ লগতে আন বহুতো পুষ্টিকৰ উপাদান আৰু খনিজ পদাৰ্থ থাকে । সেয়ে পুৱা প্ৰথম খাদ্য হিচাপে এইসমূহ গ্ৰহণ কৰিলে শৰীৰৰ বহুখিনি পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ হয় ।

Not only soaked almonds many other dry fruits and seeds are also beneficial for health
প্ৰতিদিনে পুৱা এইসমূহ Dry fruits-Seeds পানীত তিয়াই খোৱাটো স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী
  • আয়ুৰ্বেদে কি কয়

একেখন আয়ুৰ্বেদতে স্বাভাৱিক অৱস্থাত শুকানকৈ ড্ৰাই ফ্ৰুইটছ খোৱাতকৈ তিয়াই থোৱা ড্ৰাই ফ্ৰুইটছ খোৱাটো অধিক উপকাৰী বুলি ধৰা হয় । কিন্তু ইয়াত এইটোও বিশ্বাস কৰা হয় যে ড্ৰাই ফ্ৰুইটছ গৰমৰ দিনত তিয়াই আৰু শীতকালত শুকানকৈ খাব লাগে ।

ভূপালৰ আয়ুৰ্বেদিক চিকিৎসক ডাঃ ৰাজেশ শৰ্মাই কৈছে যে, আয়ুৰ্বেদত প্ৰায়বোৰ শুকান ফলৰ প্ৰভাৱ গৰম বুলি গণ্য কৰা হয় । কিন্তু যেতিয়া ইহঁতক কমেও ৬ ঘণ্টা পানীত তিয়াই ৰখা হয় তেতিয়া ইহঁতৰ প্ৰভাৱ বহু পৰিমাণে স্বাভাৱিক হৈ পৰে(Benefits of soaked dried fruits) । আয়ুৰ্বেদত সঠিক বতৰত ড্ৰাই ফ্ৰুইটছ গ্ৰহণ কৰিলে শৰীৰৰ বহুতো উপকাৰীতা সাধন কৰে, যেনে গোটেই দিনটো শক্তি বজাই ৰখা, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, ওজন হ্ৰাস কৰা, তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আৰু অন্ত্ৰ সুস্থ কৰি ৰখা ।

লগতে পঢ়ক: উপবাসে থাকিও স্বাস্থ্যৱান হ'ব পাৰি: খাওক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.