ETV Bharat / sukhibhava

Health Tips: এসপ্তাহতকৈ অধিক দিনৰ কাহক কেতিয়াও নকৰিব আওকাণ, অন্যথা হ’ব পাৰে এইবিধ মাৰাত্মক ৰোগ

author img

By

Published : Jul 10, 2023, 2:23 PM IST

যদি আপুনিও এসপ্তাহতকৈ অধিক সময় ধৰি কাহ বা কফৰ সমস্যাত ভুগিছে তেন্তে হৈ যাওক সাৱধান ৷ তেন্তে তৎক্ষণাত জানি লওক এই লক্ষণসমূহ, হ’ব পাৰে এইবিধ মাৰাৎত্মক ৰোগ ৷

Never ignore a cough that lasts for more than a week, otherwise it can be fatal
এসপ্তাহতকৈ অধিক দিনৰ কাহক কেতিয়াও নকৰিব আওকাণ, অন্যথা হ’ব পাৰে এইবিধ মাৰাত্মক ৰোগ

বতৰৰ পৰিবৰ্তনৰ লগে লগে, আমি বহু ধৰণৰ সংক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বাবে চৰ্দি, কাহ, কফ আদি সমস্যাৰ সৃষ্টি হয় । মৃদু কাহ হ’লে ভয় কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াক তৎক্ষণাৎ চিকিৎসা কৰিব পাৰি, বা কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰি নিৰাময় কৰিব পাৰি, কিন্তু সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো যদি কাহ বন্ধ হোৱাৰ নাম লোৱা নাই আৰু এসপ্তাহৰ পিছতো চলি থাকে তেন্তে আপুনি সাৱধান হোৱাটো উচিত ।

এনে পৰিস্থিতিত আপুনি সজাগ হৈ থকা উচিত আৰু লগে লগে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা কৰোৱাটো উচিত কাৰণ ই কোনোবা ডাঙৰ ৰোগৰ লক্ষণ হ’ব পাৰে ।

প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞৰ মতে এসপ্তাহতকৈ অধিক সময় ধৰি থকা কাহ কেতিয়াও আওকাণ কৰাটো উচিত নহয়, কাৰণ ই যক্ষ্মা বা টিবিৰ লক্ষণ হ’ব পাৰে, যদি সময়মতে টিবি ধৰা পৰে, তেন্তে ইয়াৰ বিপদৰ পৰা হাত সাৰিব পৰা যায় ।

বিপদজনক ৰোগ টিবি

কেতিয়াবা টিবিৰ ফলত হোৱা কাহ এমাহতকৈও অধিক সময় ধৰি থাকিব পাৰে । যদি টিবি ৰোগৰ সঠিক চিকিৎসা নকৰিলে কেতিয়াবা মৃত্যুৰ কাৰণ হ’ব পাৰে । অৱশেষত আপুনি এই গুৰুতৰ ৰোগত আক্ৰান্ত বুলি কেনেকৈ জানিব এই সম্পৰ্কে জানি লওক-

টিবিৰ লক্ষণ কি কি ?

যক্ষ্মাক টিবিক বুলিও কোৱা হয় যিটো এটা সংক্ৰামক ৰোগ, ই বীজাণুৰ বাবে বিয়পে । এনে পৰিস্থিতিত আমাৰ শৰীৰে কি কি সংকেত দিয়ে জানো আহক-

  • ১ৰ ​​পৰা ৩ সপ্তাহতকৈ অধিক দিনৰ কাহ
  • সন্ধিয়া বাঢ়ি অহা জ্বৰ
  • বুকুৰ বিষ
  • দ্রুতগতিত ওজন কমি যোৱা
  • ভোক কমি যোৱা
  • শ্লেষ্মাৰ সৈতে ৰক্তক্ষৰণ

টিবিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?

-জন্মৰ পৰা এমাহৰ ভিতৰত সন্তানটিক B.C.G.ৰ টিকাকৰণ কৰক ।

-যেতিয়াই টিবি ৰোগীৰ ওচৰলৈ যায় তেতিয়াই মুখত ৰুমাল এখন ৰাখক ।

লগতে পঢ়ক: Jalebi Easy Recipe: বৰষুণত বতৰত জেলেপী খাবলৈ মন গৈছে নেকি ? এই পদ্ধতিৰে কিছু সময়তে ঘৰতে তৈয়াৰ কৰক জেলেপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.