ETV Bharat / sukhibhava

নতুন বছৰত কৰক এই ৪টা অভ্যাসৰ পৰিৱৰ্তন, সদায় সুস্থ হৈ থাকিব আপুনি!

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 4:05 PM IST

New Year's Resolution 2024: স্বাস্থ্যই হৈছে পৰম ধন, গতিকে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে এনে কিছুমান লক্ষ্য আপোনাৰ নৱবৰ্ষৰ সংকল্পত ৰাখক যিয়ে আপোনাক সদায় সুস্থ কৰি ৰখাত সহায় কৰিবলৈ সক্ষম ।

New Year's Resolution 2024
নতুন বছৰত কৰক এই ৪টা অভ্যাসৰ পৰিৱৰ্তন, সদায় সুস্থ হৈ থাকিব আপুনি !

সুস্থ হৈ থাকিবলৈ কিছুমান অভ্যাস সলনি কৰাটো জৰুৰী ৷ কাৰণ, বেছিভাগ ৰোগ আমাৰ জীৱনশৈলীৰ সৈতে জড়িত ৷ যেনে মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগ ৷ ইয়াৰ উপৰিও মগজুৰ লগত জড়িত ৰোগবোৰো আমাৰ জীৱনশৈলীৰ লগত জড়িত ৷ গতিকে যদি আপুনি ৰোগৰ পৰা সুৰক্ষিত থাকিব বিচাৰে তেন্তে জীৱনশৈলী সলনি কৰি কিছুমান অভ্যাস বন্ধ কৰি তাৰ ঠাইত ভাল অভ্যাস গঢ়ি তোলক ৷ গতিকে, এই পৰিৱৰ্তনবোৰ কি যিবোৰৰ বিষয়ে আপুনি বিতংভাৱে জনা উচিত-

নতুন বছৰত কৰক এই ৪টা পৰিৱৰ্তন

১/ নিয়মিতভাৱে তেলীয়া খাদ্য খোৱা

আজিকালি আমাৰ জীৱনশৈলী এনেকুৱাই হৈ পৰিছে ৷ আমি প্ৰতিদিনে আমি তেলীয়া খাদ্য খাওঁ ৷ ব্ৰেকফাষ্ট হওক, দুপৰীয়াৰ আহাৰ হওক বা সন্ধিয়াৰ জলপান হওক ৷ তেলীয়া খাদ্যই আচলতে শৰীৰত লাহে লাহে প্ৰভাৱ পেলায় যদিও ই কোনো বৰবিহতকৈ কম নহয়৷ সেয়েহে তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ৷ তাৰ পৰিৱৰ্তে ঘৰুৱা খাদ্য খাওক ৷ সপ্তাহত দুদিনহে পৰঠা আদি খাওক৷ বাকী দিনত ৰুটি আৰু দালি আৰু ভাত খাওক৷ লগতে দৈনিক ১ বিধ হ’লেও ফল গ্ৰহণ কৰিবলৈ চেষ্টা কৰক ৷

২/ ৰাতি পলমকৈ শোৱা

ৰাতি দেৰিকৈ শোৱাটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে অপকাৰী ৷ আচলতে ই আপোনাৰ চিন্তাশক্তিত প্ৰভাৱ পেলায় আৰু মেজাজৰ পৰিৱৰ্তন ঘটায় ৷ এনে পৰিস্থিতিত সময়মতে শুবলৈ চেষ্টা কৰক আৰু শুবলৈ আৰু সাৰ পোৱাৰ সময় নিৰ্ধাৰণ কৰক ৷ এনে কৰিলে আপোনাৰ টোপনি সঠিক পৰিমাণে হোৱাত আৰু হৰম’নৰ স্বাস্থ্য উন্নত কৰাত সহায়ক হ’ব ৷

৩/ বহি ফোনত কথা

বহি বহি ফোনত কথা পাতিলে আপোনাৰ শৰীৰত নানান সমস্যাই দেখা দিব পাৰে৷ সেয়ে অভ্যাস কৰি লওক যে যেতিয়াই ফোনত কথা পাতে তেতিয়াই বহি কথা পতাৰ পৰা বিৰত থাকক৷ খোজ কঢ়াৰ সময়ত ফোনত কথা পাতিব পাৰে, যাৰ ফলত বিপাকীয় হাৰ বৃদ্ধি পাব, হজম শক্তি দ্ৰুত হ’ব আৰু জীৱনশৈলীৰ সৈতে জড়িত ৰোগৰ পৰা ৰক্ষা পাব ৷ লগতে এনে কৰাটো আপোনাৰ বাবে অলপ অতিৰিক্ত খোজ কঢ়াৰ দৰেই ৷

৪/ থিয় হৈ পানী খোৱা

থিয় হৈ পানী খোৱাটো এটা বেয়া অভ্যাস যিটোৰ প্ৰতি আমি কোনোৱেই গুৰুত্ব নিদিওঁ৷ এনে পৰিস্থিতিত থিয় হৈ পানী খোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক ৷ সদায় বহি বহি পানী খাওক ৷ ইয়াৰ বাহিৰেও দিনটোত ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাৰ চেষ্টা কৰক ৷ গতিকে, নতুন বছৰত আপোনাৰ এই অভ্যাসবোৰ সলনি কৰক ৷

লগতে পঢ়ক: শৰীৰ কপাই যোৱা এই ঠাণ্ডাৰ বতৰত চাহ নে কফি ? কোনবিধ শৰীৰৰ বাবে উত্তম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.