ETV Bharat / sukhibhava

Kati Bihu 2023: আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু; জানো আহক এই উৎসৱৰ সৈতে জড়িত কিছু বিশেষ কথা

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:06 AM IST

Updated : Oct 18, 2023, 3:43 PM IST

Kati Bihu 2023: Date, Rituals, Significance and Know how this harvest festival is celebrated in Assam?
আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু; জানো আহক এই উৎসৱৰ সৈতে জড়িত কিছু বিশেষ কথা

আজি কাতি বিহু ৷ সেয়ে আজি তুলসী তলৰ চাকিৰ লগতে আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ ৷এই উপলক্ষে এই বিহুৰ পালন কৰাৰ মহত্ব তথা এই বিহুৰ সৈতে জড়িত কিছু বিশেষ কথা জানি লওক....

আজি অসমৰ বাপতি সাহোন কাতি বিহু ৷ আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া ৷ এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে । অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় । সেয়ে খেতিপথাৰত নতুন শস্যৰে নদন-বদন হৈ পৰাৰ কামনাৰে অসমৰ ঠায়ে ঠায়ে তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে পথাৰৰ মাজত আকাশবন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয় ৷

ইফালে, আজি তুলসী তলৰ চাকিৰ লগতে আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ ৷ তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰাৰ লগতে কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব ৷ আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি ৷

কাতি বিহুৰ দিনা সেউজীয়া ধাননি ডৰাত চাকি জ্বলাই শস্যৰ বৃদ্ধিৰ বাবে মা লক্ষ্মীক প্ৰাৰ্থনা জনাব কৃষক ৰাইজে ৷ উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য অবিহনে প্ৰতিগৰাকী অসমীয়াই আজি পালন কৰিব কঙালী বিহু ৷ অসমীয়া ৰাইজে ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰূপত পালন কৰি আহিছে এই বিহু ৷

কাতিৰ উদং ভঁৰালে খেতিয়কৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় কৰি তোলে ৷ ফলত মানসিক অৱস্থাও মানুহৰ ভালে নাথাকে ৷ খঙ – ৰাগে আমনি কৰে, অৰ্থনৈতিক কৰ্মৰ প্ৰতি ইচ্ছা হয় ৷ সেয়ে হয়তো তাহানিতে মানুহৰ মন সংযমী আৰু নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাতি বিহুৰ সৈতে এনে ধৰ্মীয় নীতি–নিয়মবোৰ সমাজ–ব্যৱস্থালৈ আহিল ৷

শস্য সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহুৰ ব্যৱস্থা কৃষক সমাজে যিদৰে কৰি আহিছে সিয়েই হ’ল কাতি বিহুৰ সাম্প্ৰতিক ৰূপ ৷ কঙালীৰ মাজতে এই বিহু উদ্‌যাপিত হ’লেও পৌৰাণিক কালৰে পৰা কৃষিজীৱী সাধাৰণ ৰাইজে শস্যৰ মংগলৰ অৰ্থে কাতি বিহুৰ দিনটোত ভগৱানক প্ৰাৰ্থনা জনায় ৷

লগতে পঢ়ক: Kati bihu: জীৱন জেউতি কৃষক সংঘৰ পথাৰত কাতি বিহু উদযাপন

Last Updated :Oct 18, 2023, 3:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.