ETV Bharat / sukhibhava

Jackfruit Seed: আজিৰে পৰাই খাবলৈ আৰম্ভ কৰক কঁঠালৰ গুটি, ইয়াৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি

author img

By

Published : Jun 25, 2023, 1:32 PM IST

Updated : Jun 25, 2023, 1:53 PM IST

Jackfruit Seed: Amazing Health Benefits Of Jackfruit Seed
কঁঠালৰ গুটিৰ উপকাৰিতা

যদি আপুনিও ওজন কমাবলৈ দিনে-নিশাই চেষ্টা কৰি আছে, তেন্তে আপুনি আজিৰে পৰা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক কঁঠালৰ গুটি । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

কঁঠাল এবিধ অতি উত্তম আৰু পুষ্টিকৰ ফল, যিটো পোৱা যায় কেৱল গ্ৰীষ্মকালত । ইয়াক নিৰামিষভোজী লোকৰ নন-ভেজ ফুড বুলিও কোৱা হয় । কিন্তু অন্যন্যা ফল যেনে আম, আপেল, মধুৰিআম সকলোৰে যিমান প্ৰিয় হয়তো কঁঠাল বহুতৰে প্ৰিয় নহ’বও পাৰে ৷ কিন্তু আপুনি জানেন কঁঠাল খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ৷ কিন্তু আমি আজিৰ এই প্ৰতিবেদনত কঁঠালৰ বিষয়ে নহয় কঁঠালৰ গুটিৰ বিষয়ে আলোচনা কৰিম ৷ কঁঠালৰ গুটিৰ উপকাৰিতা জানিলে হয়তো আপুনি কঁঠাল নাখালেও কঁঠালৰ গুটি নিশ্চয় খাব ৷ আনকি একাংশ বিশেষজ্ঞই ইয়াক সস্তীয়া আলমণ্ড বুলিও কয় । কঁঠালৰ উপকাৰিতাৰ বিষয়ে জানো আহক...

ওজন নিয়ন্ত্ৰণত কঁঠালৰ গুটি যথেষ্ট উপকাৰী

কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে আপোনাৰ পাচনতন্ত্ৰই ভাল কাম কৰে । আনহাতে, যদি আপুনি কঠালৰ গুটি সেৱন কৰে, তেন্তে ই আপোনাৰ পেটটো দীৰ্ঘসময় লৈকে ভৰি থাকে আৰু আপোনাৰ ভোক অনুভৱ নহয় । ইয়াৰ বাবেই ওজন কমিবলৈ আৰম্ভ কৰে । ওজন নিয়ন্ত্ৰণ কৰিবলৈ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় । কঁঠালৰ গুটিত পোৱা একেটা ভিটামিন বি কমপ্লেক্সে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে । ইয়াৰ ফলত কেলৰি কম হয় আৰু আপুনি সহজে ওজন কমাবলৈ আৰম্ভ কৰে।

কঁঠালৰ গুটিৰ অন্যান্য উপকাৰিতা

১) আপোনাৰ ছাল আৰু চুলিৰ বাবেও ই অতি উপকাৰী হ’ব পাৰে । একে সময়তে চকুৰ দৃষ্টিশক্তি বৃদ্ধিতো সহায়ক কঁঠালৰ গুটি । আচলতে কঁঠালৰ গুটিত ভিটামিন এ পোৱা যায় যিটো চকু আৰু ছালৰ বাবে উপকাৰী ।

২) কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আমাৰ শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে । ইয়াৰ উপৰিও ই ৰক্তকণিকা গঠনত সহায় কৰে । ৰক্তহীনতাৰ সমস্যাত ই উপকাৰী হ’ব পাৰে।

৩) কঁঠালৰ গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰে । আপুনি ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰে ।

কঁঠালৰ গুটি কেনেকৈ খাব লাগে

১) কঠালৰ গুটি ৰোষ্ট কৰি খাব পাৰে । ১৫ৰ পৰা ২০ মিনিট ৰোষ্ট কৰি, যেতিয়া ই পাতল বাদামী হৈ পৰে, তেতিয়া ইয়াৰ ওপৰত কিছু ক’লা নিমখ আৰু চাট মছলা ছটিয়াই খাব পাৰে।

২) ইচ্ছা কৰিলে কঠালৰ গুটি ৰ’দত শুকুৱাই তাৰ পৰা শুকান পাউডাৰ বনাব পাৰে ৷ ইয়াৰ পিচত চালাড বা ফলৰ ওপৰত ছটিয়াই খাব পাৰে ৷

৩) কঁঠালৰ গুটিৰ স্মুদি বনাব পাৰে নিজৰ পছন্দৰ ফলৰ সৈতে । ইয়াৰ পৰা আপুনি বহুত লাভৱান হ’ব পাৰে ।

লগতে পঢ়ক: Masoor Dal Face Pack: এনেদৰে ব্যৱহাৰ কৰক মচুৰ দাইলৰ ফেচ পেক, ছাল মসৃণ হোৱাৰ লগতে বৃদ্ধি পাব উজ্বলতা

Last Updated :Jun 25, 2023, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.