ETV Bharat / sukhibhava

Empty Stomach Workout: খালী পেটত জিম কৰে নেকি ? তেন্তে সাৱধান হৈ যাওক

author img

By

Published : May 14, 2023, 6:04 PM IST

যদি আপুনি খালী পেটত ব্যায়াম বা ৱৰ্কআউট কৰে, তেন্তে ওজন কমোৱাৰ পৰিৱৰ্তে আপুনি আপোনাৰ শৰীৰত ডাঙৰ ক্ষতিসাধন কৰি আছে (Empty Stomach Workout Side Effects)। জানি লওক ইয়াৰ অপকাৰিতা ৷

Is It Safe to Work Out on an Empty Stomach?
যদি আপুনি খালী পেটত ব্যায়াম বা ৱৰ্কআউট কৰে তেন্তে নি লওক ইয়াৰ অপকাৰিতা

শৰীৰ সুস্থ কৰি ৰাখিবলৈ আৰু ওজন কমাবলৈ আজিৰ যুগত সঠিক খাদ্যৰ লগতে সঠিক ৱৰ্কআউট অতি গুৰুত্বপূৰ্ণ (Empty Stomach Workout Side Effects) । ওজন কমাবলৈ বিশেষকৈ কিছুমান মানুহে পুৱা নিয়মিতভাৱে ৱৰ্কআউট কৰি ভাল পায় (Weight loss)। কিন্তু আপুনি খালী পেটত ৱৰ্কআউট কৰে নেকি ? যদি আপুনি খালী পেটত ব্যায়াম বা ৱৰ্কআউট কৰে, তেন্তে ওজন কমোৱাৰ পৰিৱৰ্তে ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

খালী পেটত ৱৰ্কআউট কৰাৰ অপকাৰিতা

ইন্ধন অবিহনে গাড়ী চলোৱাটো যেনেকৈ অসম্ভৱ, ঠিক সেইদৰে পৰ্যাপ্ত শক্তি অবিহনে শৰীৰ চলোৱাটোও অসম্ভৱ (Empty Stomach Workout) । সেইবাবেই স্বাস্থ্য বিশেষজ্ঞসকলে ৱৰ্কআউট কৰাৰ আগতে সঠিক খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় বুলি পৰামৰ্শ দিয়ে কাৰণ ই ৱৰ্কআউটৰ সময়ত শৰীৰক শক্তি প্ৰদান কৰে (What happens when you workout empty stomach)। খালী পেটত ৱৰ্কআউট কৰিলে আপোনাৰ শৰীৰৰ কি সম্ভাৱ্য ক্ষতি হ’ব পাৰে জানো আহক (Fitness) ।

খালী পেটত ৱৰ্কআউট কৰিলে ষ্টেমিনা দুৰ্বল হৈ পৰিব

যদি আপুনি একো নাখাই ৱৰ্কআউট কৰিবলৈ যায় তেন্তে আপোনাৰ ষ্টেমিনা দুৰ্বল হোৱাটো নিশ্চিত (Is it good to do workout empty stomach)। খালী পেটত ৱৰ্কআউট কৰিলে আপোনাৰ শৰীৰটো দুৰ্বল অনুভৱ হ’ব, আপোনাৰ ষ্টেমিনা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ শক্তি কমি যাব । কিছুমান মানুহে খালী পেটত ৱৰ্কআউট কৰাৰ পিচত নিজেই ৱৰ্কআউটটোৰ ওপৰত গুৰুত্ব দিব নোৱাৰে আৰু ভাৰসাম্য ৰক্ষা কৰাত ব্যৰ্থ হয় । এনে পৰিস্থিতিত মানুহো বহুবাৰ আঘাতপ্ৰাপ্ত হয় ।

সংৰক্ষিত শক্তি খৰচ হ’লে পেটৰ অৱস্থা বেয়া হৈ যাব পাৰে

বহুতে বিশ্বাস কৰে যে খালী পেটত ৱৰ্কআউট কৰিলে শৰীৰে চৰ্বি গলি শক্তি লাভ কৰে । কিন্তু এয়া ভুল ধাৰণা, খালী পেটত ৱৰ্কআউট কৰাৰ পিচত আপোনাৰ শৰীৰে ইয়াৰ ভিতৰত থকা সংৰক্ষিত শক্তি ব্যৱহাৰ কৰে । ইয়াৰ ফলত ভাগৰুৱা, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ হোৱাৰ লগতে পেটৰ লগত জড়িত বহু ধৰণৰ সমস্যা হ’ব পাৰে । বমি বা গেছ, পেট ফুলা, আদিৰ সমস্যা হ’ব পাৰে।

পেশীৰ অপচয়

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খালী পেটত ব্যায়াম কৰিলে শৰীৰৰ পেশী ক্ষয় হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । খালী পেটত ব্যায়াম কৰিলে শৰীৰৰ ছালৰ লগতে পেশীবোৰো নিস্তেজ হৈ পৰে আৰু তেনে সময়ত কৰা ৱৰ্কআউটেও পেশীবোৰৰ ক্ষতি কৰিব পাৰে।

লগতে পঢ়ক: Back Pain: এই কেইটা ভুলৰ বাবেই হ’ব পাৰে কঁকালৰ বিষ; জানি লওক কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.