ETV Bharat / sukhibhava

২৪ ঘন্টাত ভাৰতত নতুনকৈ Covidত আক্ৰান্ত ৭৪৩ জন, ৭ জনৰ মৃত্যু

author img

By ANI

Published : Dec 30, 2023, 5:19 PM IST

India reports 743 new Covid cases, seven deaths
ভাৰতত নতুনকৈ Covidত আক্ৰান্তৰ সংখ্যা ৭৪৩ জনলৈ বৃদ্ধি, ৭ জনৰ মৃত্যু

Covid Update: ভাৰতত বিগত ২৪ ঘন্টাত ৭৪৩ জন নতুনকৈ Covid-19 আক্ৰান্ত ৰোগী ধৰা পৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মুঠ সক্ৰিয় কেছলোড বৃদ্ধি পাই ৩,৯৯৭টা হৈছেগৈ । চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৭ জন লোকৰ মৃত্যু হৈছে ৷

নিউজ ডেস্ক, 30 ডিচেম্বৰ: 2023 বৰ্ষত মেলানি লোৱাৰ সময়তে পুনৰ উত্থান হৈছে ক’ভিড মহামাৰীৰ ৷ ইতিমধ্যেই নতুন ভেৰিয়েন্ট JN.1 এ দ্ৰুতগতিত আক্ৰান্ত কৰিছে বহুলোকক ৷ নতুন ভেৰিয়েন্টৰ এই খৰতকীয়া উত্থানে চিন্তাত পেলাইছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতকো ৷

ভাৰতত বিগত ২৪ ঘন্টাত ৭৪৩ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৩,৯৯৭জন হৈছেগৈ ।

চৰকাৰী তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৭ জন লোকৰ মৃত্যু হৈছে - কেৰালাত তিনিজন কৰ্ণাটকত দুজন, আৰু ছত্তীশগড় আৰু তামিলনাডুত এজনকৈ আক্ৰান্ত হৈছে । ইয়াৰ লগে লগে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা ৪,৫০,১২,৪৮৪ জনলৈ বৃদ্ধি পাইছে আৰু যোৱা ২৪ ঘন্টাত ৭৪৩ জন আক্ৰান্ত হৈছে ।

২৮ ডিচেম্বৰলৈকে মুঠ ১৪৫টা জেএন.১ ভেৰিয়েণ্টৰ ৰোগী ধৰা পৰিছে । ২০২৩ চনৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত এই নমুনা সংগ্ৰহ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই এএনআইক জনায় ।

উল্লেখযোগ্য যে, JN.1 উপ-ভেৰিয়েন্টটো BA.2.86 বা Pirola নামেৰে জনাজাত Omicron উপ-ভেৰিয়েন্টৰ বংশধৰ । উল্লেখ্য যে, ক’ভিড-১৯ৰ JN.1 ভেৰিয়েন্টৰ প্ৰথমগৰাকী ৰোগী ধৰা পৰে কেৰালাত ।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) শেহতীয়াকৈ JN.1ক পৃথকভাৱে শ্ৰেণীভুক্ত কৰিছে, যিটো ইয়াৰ মূল বংশ BA.2.86 ৰ পৰা পৃথক । কিন্তু বিশ্ব স্বাস্থ্য সংস্থাটোৱে জোৰ দি কয় যে, বৰ্তমানৰ প্ৰমাণৰ ভিত্তিত জে এন.১ৰ দ্বাৰা সৃষ্টি হোৱা সামগ্ৰিক বিপদ কম হৈয়েই আছে ।

লগতে পঢ়ক: দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা; নিজকে ৰক্ষা কৰিবলৈ গ্ৰহণ কৰক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.