ETV Bharat / sukhibhava

Indian independence day 2023 outfit: স্বাধীনতা দিৱস উপলক্ষে এনেদৰে সজাই তোলক নিজকে

author img

By

Published : Aug 15, 2023, 3:24 PM IST

Indian independence day 2023 outfit
স্বাধীনতা দিৱস উপলক্ষে এনেদৰে সজাই তোলক নিজকে

আজি ভাৰতে চলিত বৰ্ষত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে । স্বাধীনতাৰ দিৱস এই শুভ ক্ষণত সমগ্ৰ দেশতে প্ৰস্তুতি চলি আছে । এই বিশেষ অনুষ্ঠানত সকলোৱে ত্ৰিৰঙৰ ৰঙেৰে ৰং কৰিব বিচাৰে ।

ভাৰতে চলিত বৰ্ষত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে । স্বাধীনতাৰ এই শুভ ক্ষণত সমগ্ৰ দেশতে উচাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে । এই বিশেষ অনুষ্ঠানত সকলোৱে নিজকে জাতীয় পতাকাক ৰঙেৰে সজাই তুলিব বিচাৰে । সেয়ে এই বিশেষ দিনটোত কেনেকৈ নিজকে সজাই তুলিব পাৰি, এই প্ৰতিবেদনৰ জৰিয়তে তলত আমি কিছুমান টিপছ আগবঢ়াইছো ।

এই বিশেষ অনুষ্ঠানত চৰকাৰী কাৰ্যালয়ৰ পৰা ব্যক্তিগত কাৰ্যালয়লৈ পতাকা উত্তোলন কৰা হয় । ইয়াৰ লগতে এই বিশেষ দিনটো বিভিন্ন ধৰণে উদযাপন কৰা হয় । এনে উপলক্ষে যদি আপুনি ১৫ আগষ্টৰ বিশেষ অনুষ্ঠানত আপোনাৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিচাৰে, অথবা ছ’চিয়েল মিডিয়াত ফটো পোষ্ট কৰিব বিচাৰে তেন্তে কেনেধৰণৰ সাজ-পোছাক পৰিধান কৰিব লাগে জানি লওক ।

১৫ আগষ্ট কিয় গুৰুত্বপূৰ্ণ

ভাৰতৰ স্বাধীনতা দিৱস প্ৰতিজন ভাৰতীয়ৰ বাবে এক বিশেষ দিন । কাৰণ আজিৰ দিনটোতে আমি ইংৰাজৰ ঔপনিৱেশিক শাসনৰ পৰা অৰ্থাৎ ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰিছিলো । প্ৰতিজন ভাৰতীয়ই ১৫ আগষ্টত দেশৰ স্বাধীনতা উদযাপন কৰে । গৌৰৱ, আনন্দ আৰু দেশপ্ৰেমেৰে ভৰা আজিৰ এই বিশেষ দিনটোত ভাৰতীয় পতাকাৰ তিনিটা ৰং–কমলা, বগা আৰু সেউজীয়া ৰঙেৰে সাজ-পোছাক পৰিধান কৰি জাতিটোৰ প্ৰতি আপোনাৰ প্ৰেম প্ৰকাশ কৰাৰ লগতে উৎসৱমুখৰ মনোভাৱত অংশগ্ৰহণ কৰাৰ এক উত্তম উপায় ।

এই বিশেষ অনুষ্ঠানত এনেকুৱা ষ্টাইল

এই বিশেষ অনুষ্ঠানৰ বাবে শাৰী বা চুৰিদাৰৰ দৰে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰক । কমলা, বগা আৰু সেউজীয়া ৰঙৰ শাৰী বাছি লওক, যিখন সূক্ষ্ম তিনিৰঙৰ এম্ব্ৰয়ডাৰী বা আৰ্হিৰে সজোৱা হয় । ইয়াৰ লগত ঝুমকি বা লৰচৰ কৰা কাণফুলিও পিন্ধিব পাৰে । ইয়াৰ লগতে খাৰুও পৰিধান কৰিব পাৰে ।

পৰম্পৰাগত সাজ-পোছাক আধুনিকীকৰণ কৰিবলৈ, সেউজীয়া পালাজ্জো পেণ্টৰ সৈতে কুৰ্তা আৰু কমলা ৰঙৰ ডুপাট্টাৰ সৈতে আপোনাক দুগুণ সুন্দৰ দেখাব । এই palazzo-kurtaই আপোনাৰ বাবে আৰামদায়ক হোৱাৰ লগতে গৰমৰ দিনত ইয়াক পৰিধান কৰিলে আপোনাৰ শৰীৰটোৱেও গৰম অনুভৱ নকৰে ৷ যদি আপুনি অলপ বেলেগ লুকেৰে সজাব বিচাৰে তেন্তে ভাৰত-পশ্চিমীয়া পোছাক পৰিধান কৰি আপুনি নিজকে এক বেলেগ লুক দিব পাৰে । ইয়াৰ বাবে ইণ্ডো আৰু ৱেষ্টাৰ্ণ লুক একেলগে সান মিহলি কৰি ল’ব পাৰে । ইয়াৰ বাবে কমলা বা সেউজীয়া ৰঙৰ নতুন ষ্টাইলৰ স্কাৰ্ট লৈ তাৰ লগত বগা কুৰ্তা পিন্ধিব পাৰে । ই আপোনাক এটা বেলেগ ৰূপ দিয়ে ।

স্বাধীনতা দিৱসৰ দিনা বিশেষ দেখাব বিচাৰিলে ত্ৰিৰঙী চোলি আৰু লেহেংগা পৰিধান কৰিব পাৰে । কমলা, বগা আৰু সেউজীয়া লেহেংগা সৈতে মেচিং ব্লাউজ আৰু ডুপাট্টাৰ সৈতে যোৰা কৰি পৰিধান কৰিব পাৰে । আপুনি ইয়াক ষ্টেটমেন্ট জুৱেলাৰীৰ সৈতে যোৰা কৰি আপোনাৰ সৌন্দৰ্যতা আৰু বৃদ্ধি কৰিব পাৰে ।

অফ হোৱাইট ড্ৰেছ পৰিধান কৰক । ইয়াৰ সৈতে বগা সাজ-পোছাক পিন্ধক আৰু গহনা, স্কাৰ্ফ, ষ্ট’ল বা ব্ৰেচলেটৰ দৰে আনুষংগিক বস্তুৰ জৰিয়তে কমলা, বগা আৰু সেউজীয়াৰ মিশ্ৰণ যোগ কৰক । আপুনি আপোনাৰ দেশপ্ৰেমমূলক মনোভাৱ দেখুৱাবলৈ তিনিৰঙী ব্ৰচ বা পিনো প্ৰদৰ্শন কৰিব পাৰে ।

লগতে পঢ়ক: Child Disease: গৰমত শিশুৰ হ'ব পৰা ৰোগ তথা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.