ETV Bharat / sukhibhava

Soaked Peanuts: বিভিন্ন ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ এনেদৰে গ্ৰহণ কৰক বাদাম

বহু খাদ্যত বাদাম মিহলাই খাবলৈ বৰ সোৱাদ লাগে ৷ কিন্তু যদি বাদাম পানীত তিয়াই খোৱা হয়, তেন্তে ইয়াৰ কি লাভ হয়, আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক...

If you want to stay safe from diseases then start eating peanuts like this, you will get amazing benefits
বিভিন্ন ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ এনেকৈ বাদাম খাবলৈ আৰম্ভ কৰক

Published : October 2, 2023 at 6:37 PM IST

Choose ETV Bharat

প্ৰায়ে আমাৰ স্বাস্থ্য বিশেষজ্ঞসকলে ব্ৰেকফাষ্টত সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যসন্মত কিবা খাবলৈ পৰামৰ্শ দিয়ে ৷ যাতে শৰীৰে গোটেই দিনটো কাম কৰিবলৈ শক্তি লাভ কৰে আৰু পেটটোও দীৰ্ঘ সময়লৈকে ভৰি থাকে ৷ বেছিভাগ মানুহেই ব্ৰেকফাষ্টত ভজা-পোৰা খাদ্যই গ্ৰহণ কৰে ৷ অৱশ্যে কিছু লোকে ব্ৰেকফাষ্টৰ বাবে স্বাস্থ্যসন্মত খাদ্যহে বাছি লয় ৷ যেনে, গাজি বুট-মগু, গাখীৰ-ৰুটি বা বেচনৰ চীলা আদি ৷ কিন্তু যদি আপুনি আপোনাৰ দিনটো অংকুৰিত বীজ বা আন পুষ্টিকৰ বস্তুৰে আৰম্ভ কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব ৷

ইয়াৰ ভিতৰত বাদামো এক উত্তম খাদ্য ৷ ব্ৰেকফাষ্টত ইয়াক অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰত কেনেকৈ আচৰিত ধৰণৰ উপকাৰিতা সাধন হয় জানো আহক ৷ প্ৰায়ে উপবাস আদিৰ সময়ত মানুহে বেছিকৈ বাদাম খায় ৷ এনে বহুতো ব্যঞ্জন আছে য’ত বাদাম মিহলাই দিয়া হয় আৰু ইয়াৰ সোৱাদো সুস্বাদু হয় ৷ কিন্তু আপুনি বাদাম তিয়াই পেলাই পুৱাৰ ভাগত খাইছেনে ? যদি নাই, তেন্তে আজিৰ পৰা ব্ৰেকফাষ্টত তিয়াই থোৱা বাদাম অন্তৰ্ভুক্ত কৰক আৰু চাওক, ইয়াৰ পৰা আপুনি অগণন লাভ পাব পাৰে ৷ সেইসমূহ হৈছে ক্ৰমে-

১) হজম শক্তি ভাল হ’ব

সকলোৱে জানে যে বাদামত প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ ই আঁহযুক্ত খাদ্য আৰু আঁহযুক্ত খাদ্য হজমৰ বাবে ভাল বুলি বিবেচিত হয় ৷ গতিকে শুকান বাদামৰ সলনি তিয়াই থোৱা বাদাম খালে হজম শক্তি ভাল হয় ৷

২) মগজু আৰু চকুৰ বাবে স্বাস্থ্যকৰ

ব্ৰেকফাষ্টত তিয়াই থোৱা বাদাম সেৱন কৰিলে মন-মগজু চোকা হ’ব ৷ ইয়াক খালে আপোনাৰ স্মৃতিশক্তিও বৃদ্ধি পাব ৷ ইয়াৰ লগতে যদি আপুনি দৃষ্টিশক্তিৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছে তেন্তে সেই দুৰ্বলতাও নাইকিয়া হৈ যাব ৷ চকুৰ ওপৰত থকা চাপ দূৰ হয় ৷ গতিকে তিয়াই থোৱা বাদাম ভাল পৰিমাণে খাব লাগে ৷

৩) ছালৰ বাবে উপকাৰী

তিয়াই থোৱা বাদাম সেৱন কৰিলে আপোনাৰ ছালৰ উজ্বলতা বৃদ্ধি পাব ৷ যদি আপোনাৰ মুখত ব্ৰণৰ সমস্যা আছে তেন্তে ইয়াক দৈনিক সেৱন কৰক ৷ কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ ছালখন সম্পূৰ্ণ পৰিষ্কাৰ আৰু নিমজ হোৱা দেখিব ৷ ইচ্ছা কৰিলে তিয়াই থোৱা বাদামৰ লগতে ২টা আলমণ্ড আৰু মগু তিয়াই গ্ৰহণ কৰিব পাৰে ৷ ই পুষ্টিকৰ গুণেৰে ভৰপূৰ ৷

লগতে পঢ়ক: Anushka Sharma: অনুষ্কাই ফিটনেছ তথা নিজকে সুস্থ ৰাখিবৰ বাবে প্ৰতিদিনে পুৱাৰ আহাৰত গ্ৰহণ কৰে এই খাদ্য